নলবাৰী, ১০ নৱেম্বৰ:নামনি অসমৰ ৰাস বুলি ক’লেই সকলোৰে মনলৈ আহে নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ ৷ ইতিমধ্যে বিগত 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas Mahotsav) ৷
সম্প্ৰতি লোকাৰণ্য হৈ পৰিছে শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ (Nalbari Raas mahotsav 2022) ৷ এই আনন্দ উল্লাসৰ মাজতে নলবাৰীৰ বৰমা ৰোডত সংঘটিত হয় শোকাবহ ঘটনা । ৰাস মহোৎসৱত ফাৰ্ষ্ট ফুড খাই শোকাৱহভাৱে মৃত্যুক আকোঁৱালি ল’লে মেধাৱী ছাত্ৰী নাজমিন চুলতানাই (Teenage girl dies of food poisoning ) ৷
ঘটনা অনুসৰি বুধবাৰে ষষ্ঠ শ্ৰেণীৰ মেধাবী ছাত্ৰী নাজমিন চুলতানাই ককাকৰ সৈতে নলবাৰী হৰি মন্দিৰত চলি থকা ৰাস মহোৎসৱ চাবলৈ গৈছিল ৷ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ গৈ ঘৰলৈ উভতি অহাৰ সময়ত এখন হোটেলত চাওমিন খাই ঘৰলৈ উভতি আহিছিল ৷
তাৰ পিছতেই নিশা প্ৰায় তিনিমান বজাত হঠাৎ অসুস্থ হৈ পৰিছিল নাজমিন ৷ কিছুসময়ৰ পিছত নাজমিন চুলতানাই বমি কৰিবলৈ লয় ৷ লগে লগে পৰিয়ালৰ লোকে তেওঁক নলবাৰীস্থিত ইউনাইটেড হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যায় ৷