নলবাৰী, 13 অক্টোবৰ : জীৱন বাটৰ নৈতিকতাৰে আগবঢ়ি যাবলৈ শিক্ষা প্ৰদান কৰে শিক্ষাগুৰুৱে । কিন্তু একাংশ শিক্ষকৰ বাবে গুৰু আৰু শিষ্যৰ সম্পৰ্ক এতিয়া কলুষিত হ’বলৈ ধৰা পৰিলক্ষিত হৈছে । তেনে এক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ নিজটাপা গাঁৱৰ বৰী টাপাৰ ঠুটিকাটাত ৷ ৰাইজৰ অভিযোগ অনুসৰি এজন শিক্ষকৰ অশালীন ব্যৱহাৰৰ বাবে বৰী -টাপা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
বিদ্যালয় খনৰ বিজ্ঞান বিভাগৰ শিক্ষক তথা নলবাৰী ডিৰুৱাৰ নিবাসী প্ৰকাশ দত্তৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন ছাত্ৰীক স্কুলৰ বাহিৰত অশালীন ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এই গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰী গৰাকীৰ লগতে স্থানীয় ৰাইজে । যাক লৈ গাঁও খনৰ সকলো ৰাইজে স্কুল সন্মুখত উপস্থিত হৈ শিক্ষক জনৰ এই কাৰ্যৰ বিৰোধিতা কৰি ধৰ্ণা দিয়ে ৷