ৰঙিয়া, 17 অক্টোবৰ: গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে লম্পট শিক্ষকে ৷ ৰঙিয়াত সংঘটিত হৈছে এই জঘন্য কাণ্ড (Molestation Case at Rangia) ৷ এগৰাকী ছাত্ৰীক মৰম কৰাৰ চলেৰে শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে (Teacher molest student at Rangia)৷
ঘটনা অনুসৰি ৰঙিয়াৰ পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ শিক্ষক বিনোদ গোস্বামীয়ে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ কোঠাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আছিল ৷ তেনে সময়তে ছাত্ৰীগৰাকীৰ কাষতে বহি লয় শিক্ষকজন ৷ ছাত্ৰীগৰাকীক মৰম কৰাৰ চলেৰে যৌন আতিশায্য চলায় শিক্ষকজনে (Minor student molested by teacher)৷
ইফালে শিক্ষকৰ এই কাণ্ড দূৰৰ পৰা লক্ষ্য কৰি আছিল ছাত্ৰীগৰাকীৰ এজন সম্পৰ্কীয় ককায়েকে ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈয়েই ককায়েকজনে ভগ্নীৰ লগত হোৱা ঘটনাৰ কথা পৰিয়ালৰ লোকৰ আগত অৱগত কৰে ৷
এই কথা শুনি জাঙুৰ খাই উঠে ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷ সোমবাৰে ছাত্ৰীগৰাকীৰ পৰিয়াল বিদ্যালয়ত উপস্থিত হৈ শিক্ষকজনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৷ বিদ্যালয়ৰ ভিতৰতে শিক্ষকজনক উপৰা উপৰি প্ৰশ্ন সুধি উত্তৰ দিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰে ৷ এই ঘটনা দেখি ওচৰৰ লোকো বিদ্যালয়খনত উপস্থিত হয় ৷ লগে লগে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনাৰ কথা জানিব পাৰি স্থানীয় লোকে শিক্ষকজনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৷