অসম

assam

ETV Bharat / state

মধুৰীআম চিঙি খোৱাটোৱেই অপৰাধঃ শিক্ষয়ত্ৰীৰ প্ৰাহাৰত আহত ছাত্ৰী - বৰক্ষেত্ৰী

নলবাৰী জিলাৰ বৰক্ষেত্ৰীস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক সামান্য কথাতে বেয়াকৈ মাৰধৰ কৰে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক হাত-ভৰিত কোবাই আঘাতপ্ৰাপ্ত কৰে নিলিমা বেগম নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে ৷

মধুৰীআম খোৱাৰ বাবেই ছাত্ৰীক কঠোৰ শাস্তি

By

Published : Jun 19, 2019, 8:39 PM IST

নলবাৰী, 19 জুনঃনলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কালদিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত সংঘটিত ভয়ংকৰ ঘটনা ৷ বিদ্যালয়খনৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক সামান্য অপৰাধতে বেয়াকৈ প্ৰহাৰ কৰি হাত-ভৰি আঘাতপ্ৰাপ্ত কৰে এগৰাকী শিক্ষয়িত্ৰী তথা হোষ্টেলৰ ৱাৰ্ডেনে ৷

ছাত্ৰীগৰাকীয়ে হোষ্টেলৰ চৌহদত থকা বাগিছাৰ পৰা মধুৰীআম চিঙি খোৱাৰ বাবেই এইদৰে প্ৰহাৰ কৰে অভিযুক্ত শিক্ষয়িত্ৰী নিলিমা বেগমে ৷ ইয়াৰ উপৰিও শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে আছে আন বহু গুৰুতৰ অভিযোগ ৷ ছাত্ৰীগৰাকীৰ অভিভাৱকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, বহুদিন ধৰি ছাত্ৰীগৰাকীক প্ৰহাৰ কৰি আহিছিল নিলিমা বেগমে ৷ ইমানেই নহয়, নিলিমা বেগমে নিজৰ ব্যক্তিগত কাম-কাজ কৰিবলৈয়ো বাধ্য কৰাইছিল হোষ্টেলত থকা ছাত্ৰীসকলক ৷

মধুৰীআম খোৱাৰ বাবেই ছাত্ৰীক কঠোৰ শাস্তি

ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকে মুকালমুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ প্ৰশ্ন হয় কোটি-কোটি টকা খৰচ কৰি চৰকাৰে চলাই থকা এইসমূহ বালিকা বিদ্যালয়ত একাংশ দুষ্ট আৰু নীচ শিক্ষয়িত্ৰীৰ এনেকুৱা কাণ্ড কিমানদিনলৈ সহি থাকিব কণ-কণ ছাত্ৰীসকলে ৷ এই বিষয়ত শিক্ষা বিভাগৰ লগতে শিক্ষামন্ত্ৰী হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷

ABOUT THE AUTHOR

...view details