নলবাৰী,29 অক্টোবৰ:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ চাৰিগৰাকী খেলুৱৈয়ে ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি নলবাৰীৰ খেলুৱৈ কেইগৰাকীয়ে দখল কৰিবলৈ সক্ষম হয় সোণ আৰু ব্ৰঞ্জৰ পদক ৷
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নলবাৰীৰ খেলুৱৈ
ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জনেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে নলবাৰীৰ চাৰি খেলুৱৈয়ে ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল চাৰিজনীয়া দলটোৱে ৷
নলবাৰীৰ খেলুৱৈৰ পদক লাভ
চহৰখনৰ মাজমজিয়াস্থিত এক্সিলেঞ্চ টাইকোৱানডো ট্ৰেইনিং চেণ্টাৰত খেলুৱৈ কেইগৰাকীয়ে প্ৰশিক্ষণ লাভ কৰিছিল ৷ ৰিছান ফাৰহাদ, ৰিহান আহমেদ, জ্যোতিস্মান দত্তই সোণৰ পদক অৰ্জনৰ বিপৰীতে ফৰিদুল আলীয়ে লাভ কৰিছে ব্ৰঞ্জৰ পদক ৷ বৃহস্পতিবাৰে নলবাৰী ৰে’ল ষ্টেচনত পদক বিজয়ী খেলুৱৈসকলক পৰিয়াল তথা একাংশ লোকে বিপুল আদৰণি জনায় ৷