অসম

assam

ETV Bharat / state

'কা' আন্দোলনে উন্নয়নত হেঙাৰ সৃষ্টি কৰিছে : চন্দ্ৰমোহন পাটোৱাৰী - swayam scheme inaugurated in nalbari

'কা' আন্দোলনকাৰীক তীব্ৰ ভাষাৰে কটাক্ষ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ 'কা' আন্দোলনে ৰাজ্যৰ যুৱ প্ৰজন্মক ধ্বংস কৰা বুলি দাবী মন্ত্ৰী গৰাকীৰ ৷ 'কা' আন্দোলনে উন্নয়নতো হেঙাৰৰ সৃষ্টি কৰিছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷

swayam scheme inaugurated in nalbari
swayam scheme inaugurated in nalbari

By

Published : Jan 27, 2021, 6:21 PM IST

Updated : Jan 27, 2021, 7:35 PM IST

নলবাৰী, 27 জানুৱাৰী:'কা'(নাগৰিকত্ব সংশোধনী আইন) আন্দোলনে ৰাজ্যৰ যুৱ প্ৰজন্মক ধ্বংস কৰা বুলি দাবী কৰি বুধবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যৰ 'কা' আন্দোলনকাৰী সকলক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৷ 'কা' আন্দোলনে উন্নয়নতো হেঙাৰৰ সৃষ্টি কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ নলবাৰীত অসম চৰকাৰৰ অভিলাসী স্বয়ম আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে উক্ত মন্তব্য কৰে ৷

'কা' আন্দোলনে ৰাজ্যৰ যুৱ প্ৰজন্মক ধ্বংস কৰা বুলি দাবী মন্ত্ৰী গৰাকীৰ

স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত নৱৰূপত স্বয়মৰ এই আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী গৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, বিধায়ক অশোক শৰ্মা, জিলা উপায়ুক্ত পূৰৱী কোঁ‌ৱৰেও অংশ লয় ৷

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ জৰিয়তে জিলাখনৰ 7,277 গৰাকী যুৱক তথা 977 টাকৈ গোটক সামৰি লোৱা হৈছে ৷

লগতে পঢ়ক:হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত?

Last Updated : Jan 27, 2021, 7:35 PM IST

ABOUT THE AUTHOR

...view details