নলবাৰী, ১২জুন:যোৱাটো বৰ্ষৰ ১২ জুনত জন্মু কাশ্মীৰৰ অনন্ত নাগত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান নলবাৰীৰ নিৰোদ শৰ্মাৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী । নিজ ঘৰৰ চৌহদতে সামৰিক মৰ্যদাৰে শেষ বিদায় জনোৱা নিৰোদ শৰ্মাৰ সমাধিস্থলত নিৰ্মাণ কৰি উলিওৱা হৈছে এটি প্ৰতিমুৰ্তি । প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনাখনে বীৰ স্বহীদগৰাকীৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিওঁ মহামাৰী কৰ'নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি কৰিব পৰা নহ'ল প্ৰতিমুৰ্তিৰ উন্মোচন। পৰিয়ালৰ নিজা ব্যয়ত নিৰ্মাণ কৰা প্ৰতিমুৰ্তিৰ তলত শ্বহীদগৰাকীৰ পত্নীয়ে বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে গাঁৱৰ মহিলাসকলে এভাগ নাম-প্ৰসংগৰে সেৱা জ্ঞাপন কৰিলে বীৰ গৰাকীক ।
ক'ৰণাৰ বাবে অনুষ্টুপীয়াকৈ পালন বীৰ শ্বহীদ নিৰুদ শৰ্মাৰ প্ৰথম মৃত্যু তিথি - himanta biswa sharma
১২ জুন । শ্বহীদ সৈনিক নিৰোদ শৰ্মাৰ প্ৰথম মৃত্যু তিথি। মহামাৰী ক'ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উন্মোচন কৰিব পৰা নহ'ল শ্বহীদ গৰাকীৰ প্ৰতিমুৰ্তি । গাঁৱৰ মহিলাসকলৰ দ্বাৰা এভাগি নাম-প্ৰসংগৰে সেৱা জনাই পৰিয়ালটোৱে সোঁৱৰিলে দেশৰ বাবে জীৱন আহুতি দিয়া এইগৰাকী বীৰ জোৱানক ।

লক্ষণীয় যে, প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ বাবে প্ৰশাসনকে ধৰি কোনো অনুস্থান প্ৰতিস্থাৰ লোক উপস্থিত নথকাত আক্ষেপ প্ৰকাশ কৰিলে স্বহীদ পত্নীয়ে । ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ এজনক কৰ্ম সংস্থাপন , বীৰ স্বহীদ গৰাকীৰ দুই জীয়ৰীৰ পঢ়াৰ খৰছ বহন আদিৰ আশ্বাস দিছিল যদিওঁ বৰ্তমানলৈকে একোৰে ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰিলে দেশ মাতৃৰ বাবে জীৱন আহুতি দিয়া স্বহীদগৰাকীৰ পত্নীয়ে।
আনহাতে শ্বহীদ গৰাকীৰ নামত নিৰ্মীয়মান শ্বহীদ নিৰোদ শৰ্মা পথটো এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই। ৰাজ্যৰ গড়কাপ্টানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছয় মাহৰ ভিতৰত পথ নিৰ্মাণ কৰিবলৈ সেই সময়ত উপস্থিত ৰাইজৰ সন্মুখত বিভাগীয় বিষয়াক নিৰ্দেশ দিছিল যদিওঁ আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল পথটোৰ কাম ।