নলবাৰী, ২ ডিচেম্বৰ:এক ৰহস্যজনক দুৰ্ঘটনাই জোকাৰিছে নলবাৰী(Road Accident in Nalbari) । নলবাৰীৰ আলোকপুৰত সংঘটিত এক শোকাবহ দুৰ্ঘটনাটোৰ পাছত উত্তাল হৈ পৰিছে অঞ্চলটো ৷ মৃত যুৱকৰ শৱদেহ লৈ ৰাজপথলৈ ওলাই আহিছে যুৱকজনৰ পৰিয়াল তথা স্থানীয় লোক ৷ যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়াল তথা স্থানীয় লোক ৷ যাৰ বাবে এই ঘটনাৰ উচিত তদন্তৰ দাবীত নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে(One died in nalbari road accident) ।
উল্লেখ্য যে, নলবাৰী আলোকপুৰৰ দ্বীপজ্যোতি কলিতা নামৰ যুৱকজনৰ বুধবাৰে নিশা নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈছিল । তাৰপিছত দ্বীপজ্যোতি কলিতাক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাত পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে(Nalbari Civil Hospital) । আঘাতপ্রাপ্ত দ্বীপজ্যোতি কলিতাই গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়খনত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।