অসম

assam

ETV Bharat / state

Gamosa Controversy: গামোচা মই পিন্ধা নাই, মোক গামোচা পিন্ধাইছে : সূৰ্যকান্ত হাজৰিকা - Surjya Kanta Hazarika react on Gamosa controversy

এইবাৰ গামোচা বিতৰ্কত অসম সাহিত্য সভাৰ সভাপতি (Gamosa controversy in Assam) । গামোচা বিতৰ্ক সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য, মই গামোচা পিন্ধা নাই, মোক পিন্ধাই দিছে । গামোচা বিতৰ্ক সন্দৰ্ভত নলবাৰীত এই তৰল মন্তব্য অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ । উল্লেখ্য, গামোচা বিকৃতকৰণৰ উক্ত অনুষ্ঠানত উপস্থিত আছিল অসম সাহিত্য সভাৰ সভাপতিগৰাকী ।

Gamosa controversy
Gamosa controversy

By

Published : Mar 28, 2023, 7:23 AM IST

গামোচা মই পিন্ধা নাই, মোক গামোচা পিন্ধাইছে : সূৰ্যকান্ত হাজৰিকা

২৮ মাৰ্চ, নলবাৰী : সম্প্ৰতি গামোচা বিতৰ্কই তোলপাৰ লগাই আছে অসমৰ চৌদিশ (Gamosa controversy in Assam) । তাৰ মাজতে বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সাহিত্য সভাৰ সভাপতি (Assam Sahitya Sabha President in Gamosa controversy) । এইবাৰ গামোচা বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা ।

উল্লেখ্য যে শেহতীয়াভাৱে বাংলা সাহিত্য সভাৰ এক অনুষ্ঠানত সমন্বয়ৰ নামত এক অদ্ভূত ডিজাইনেৰে অসমৰ গামোচাক বঙালী সমাজৰ এক বস্ত্ৰৰ সৈতে সংযোজিত কৰি ৰাইজক আদৰা হৈছিল । তাকে লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উক্ত অনুষ্ঠানত উপস্থিত আছিল অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাও (Assam Sahitya Sabha president Surjya Kanta Hazarika) । তেৱোঁ উক্ত অনুষ্ঠানত আয়োজক সমিতিয়ে প্ৰদান কৰা উক্ত বিতৰ্কিত গামোচা পৰিধান কৰিছিল । তাকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বিভিন্ন মহলত সৰৱ আলোচনা চলে ।

উক্ত আলোচনা-সমালোচনাৰ প্ৰতিক্ৰিয়া স্বৰূপেই এইবাৰ নিজৰ স্থিতি স্পষ্ট কৰিছে সূৰ্যকান্ত হাজৰিকাই । আত্মপক্ষ সমৰ্থনত অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে নলবাৰীত কয়, "উক্ত অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাইছিল । মোৰ দৰে আন বিভিন্নজনকো আমন্ত্ৰণ জনাইছিল । মই তাত গামোচা পিন্ধা নাই, মোক ডিঙিত পিন্ধাই দিছে । গামোচা মই পিন্ধা নাই, মোক পিন্ধাই দিছে, গতিকে তাত মই কি কৰিম ।" এই মন্তব্য হৈছে অসমৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ অসম সাহিত্য সভাৰ মূল কাণ্ডাৰী, সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাৰ (Surjya Kanta Hazarika react on Gamosa controversy) ।

কিন্তু এতিয়া সভাপতিগৰাকীৰ এই দায়সৰা মন্তব্য পিছতে সৃষ্টি হৈছে আন এক চৰ্চা । উল্লেখ্য, বিগত ২৫ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত হিতেশ্বৰ শইকীয়া অডিটৰিয়ামত বাংলা সাহিত্য সভা, অসমৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়াৰ স্বাভিমান গামোচাখনক এটা বিশেষ সম্প্ৰদায়ৰ ধৰ্মীয় বস্ত্ৰ উত্তৰীয়খনৰ সৈতে সংযুক্ত কৰি অসমীয়া গামোচাখনক বিকৃত ৰূপত উপস্থাপন কৰা হয় । এই কাৰ্যৰ দ্বাৰা সমগ্ৰ অসমবাসীক অপমানিত কৰা সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ আৰম্ভ হৈছে । তাৰ মাজতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীগৰাকীয়ো আগবঢ়াইছে এনে তৰল মন্তব্য ।

লগতে পঢ়ক :Gamosa controversy: গামোচাক বিকৃত কৰাৰ বাবে বাংলা সাহিত্য সভা অসমৰ বিৰুদ্ধে এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details