নলবাৰী,29 এপ্ৰিল: ৰাজ্য চৰকাৰে জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা ক’ভিডৰ নিৰ্দশনাৰ পিছতো অলপো সজাগ হোৱা নাছিল নলবাৰী জিলাৰ মুকালমুৱা প্ৰশাসন ৷ কোনো ধৰণৰ মাস্ক তথা ক'ভিড প্ৰট'কল নামানি দৈনিক বজাৰে বজাৰে ঘুৰি ফুৰিছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ কিন্তু বুধবাৰে হঠাতে কঠোৰ হৈ পৰিল মুকালমুৱা প্ৰশাসন ৷
মুকালমুৱা প্ৰশাসনৰ ৰাজপথত চাডেন ভিজিট - ক'ভিড
মুকালমুৱাৰ ৰাজপথত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনা অমান্য কৰা লোকৰ পৰা জৰিমনা আদায় কৰিলে মুকালমুৱা আৰক্ষীয়ে ৷
হঠাৎ কঠোৰ হৈ পৰিল মুকালমুৱা প্ৰশাসন
অঞ্চলটোৰ ৰাজপথলৈ ওলাই আহিল চক্ৰ বিষয়াসহ মুকালমুৱা আৰক্ষীৰ এটা দল ৷ মুকালমুৱাৰ ৰাজপথত মাস্ক নিপিন্ধা লোকৰ বিৰূদ্ধে কঠোৰ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনা অমান্য কৰা একাংশ লোকৰ পৰা জৰিমনা আদায় কৰাৰ বিপৰীতে প্ৰতিগৰাকীকে একোখনকৈ মাস্ক প্ৰদান কৰিলে মুকালমুৱা আৰক্ষীয়ে ৷
লগতে পঢ়ক: চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য