নলবাৰী,11 জুন:চৰকাৰে যিমানে ঘোষণা কৰিছে বন সুৰক্ষাৰ কথা সিমানে ৰাজ্যত লুণ্ঠন অব্যাহত আছে বনজ সম্পদৰ ৷ বনজ সম্পদৰ লুণ্ঠনেৰে জেপ গৰম কৰি আহিছে বিভাগৰ একাংশ বৰমূৰীয়াই । নলবাৰীতো মাহিলী হিচাপত বন বিভাগৰ লোকে কেইবাটাও কাঠফলা মিলৰ জৰিয়তে সংগ্ৰহ কৰে লক্ষাধিক ধন । জিলাখনৰ বন বিভাগৰ ৰেঞ্জাৰ মৃণালজ্যোতি মেধিৰ নেতৃত্বত চলিছে এই ধন সংগ্ৰহৰ প্ৰক্ৰিয়া । উল্লেখ্য যে, কমিছনলোভী ৰেঞ্জাৰ গৰাকী নিয়োজিত হৈ আছে হাজোৰ বন বিভাগৰ দায়িত্বত ৷ এক ষ্টিং অপাৰেচনৰ জৰিয়তে পোহৰলৈ আহিছে এই সমস্ত তথ্য ৷
বন বিভাগৰ জ্ঞাতসাৰে নলবাৰীত মুকলিমুৰীয়াকৈ চলি আছে একাংশ অবৈধ কাঠফলা মিল । সাংবাদিকে চলোৱা অনুসন্ধানত বন বিভাগ আৰু কাঠফলা মিলৰ গৰাকীৰে হোৱা বুজাবুজিৰ কথা প্ৰকাশ পাইছে স্পষ্টভাৱে ৷ জিলাখনৰ বৰভাগৰ এটি কাঠফলা মিলৰ পৰা মাহিলী হিচাপত বন বিভাগে সংগ্ৰহ কৰে ধন ৷ বৰকুলহাটীত থকা এই কাঠফলা মিলটোৰ স্বত্বাধিকাৰী দীনেশ কলিতাৰ মুখেৰে প্ৰকাশ পাইছে বন বিভাগৰ কমিছনৰাজৰ কাহিনী ৷