নলবাৰী, ২২ জুলাই: নলবাৰীৰ মুকালমুৱা আৰক্ষীৰ আন এক সফলতা । চোৰাং সামগ্ৰীৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে পুখুৰীৰ গভীৰ পানীত ডুব মাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে ইটোৰ পিছত সিটো চোৰাং সামগ্ৰী (Goods rescued from pond in Nalbari) ৷
মুকালমুৱা থানাৰ(Mukalmua Police Station) উপ-পৰিদৰ্শক ক্ৰমে মনোজ দাস, ৰূমী ঠাকুৰীয়া, গৃহৰক্ষী জোৱান মোস্তাফা আলীৰ তৎপৰাতাত উদ্ধাৰ কৰা হয় চুৰি সামগ্ৰীসমূহ ৷ তিনিওজন আৰক্ষীয়ে পানীত ডুব মাৰি উদ্ধাৰ কৰে চোৰাং সামগ্ৰীসমূহ ৷ প্ৰাপ্ত তথ্য অনুসৰি মুকালমুৱাৰ ২ নং কেকানকুছি গাঁৱৰ এজন ভঙা-চিঙা ক্ৰয় কৰা ব্যৱসায়ীয়ে পুখুৰীত লুকাই ৰাখিছিল চোৰাং সামগ্ৰীসমূহ ৷