অসম

assam

ETV Bharat / state

নলবাৰীত উন্মোচন পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি - অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

শুকুৰবাৰে নলবাৰীৰ সু-সন্তান তথা অসম সাহিত্য সভাক বিশেষ গতি প্ৰদান কৰা পাঁচ গৰাকী সাহিত্য কাণ্ডাৰীৰ স্মৃতিত উন্মোচন কৰা হয় "গৌৰৱ সৌধ"৷ নলবাৰীৰ ৰত্ন তথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিহগী কবি ৰঘুনাথ চৌধাৰী,ত্ৰৈলোক্য নাথ গোস্বামী,গিৰিধৰ শৰ্মা আৰু কনকসেন ডেকা এই পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি সন্নিবিষ্ট এই গৌৰৱ সৌধ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ উপস্থিতিত স্থানীয় বিধায়ক অশোক শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷

Statue inaguration at nalbari
নলবাৰীত উন্মোচন পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি

By

Published : Dec 26, 2020, 7:22 AM IST

Updated : Dec 26, 2020, 7:36 AM IST

নলবাৰী,26 ডিচেম্বৰঃ শুকুৰবাৰে নলবাৰীৰ সু-সন্তান তথা অসম সাহিত্য সভাক বিশেষ গতি প্ৰদান কৰা পাঁচ গৰাকী সাহিত্য কাণ্ডাৰীৰ স্মৃতিত উন্মোচন কৰা হয় "গৌৰৱ সৌধ"৷ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত নলবাৰীৰ তিনিকোণীয়া পুখুৰীৰ পাৰত পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি এই গৌৰৱ সৌধ উন্মোচন কৰা হয় ৷ নলবাৰীৰ ৰত্ন তথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিহগী কবি ৰঘুনাথ চৌধাৰী, ত্ৰৈলোক্য নাথ গোস্বামী, গিৰিধৰ শৰ্মা আৰু কনকসেন ডেকা এই পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি সন্নিবিষ্ট এই গৌৰৱ সৌধ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ উপস্থিতিত স্থানীয় বিধায়ক অশোক শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷

নলবাৰীত উন্মোচন পঞ্চ সাহিত্য কাণ্ডাৰীৰ আৱক্ষ মূৰ্তি

ইপিনে,এই পঞ্চ সাহিত্য কাণ্ডাৰীৰ গৌৰৱ সৌধ মুকলি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া,অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা,অগ্ৰদূত কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল সেন ডেকা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি নাট্যকাৰ ধ্ৰুৱজোতি শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়কঃ দুদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Dec 26, 2020, 7:36 AM IST

ABOUT THE AUTHOR

...view details