নলবাৰী, ১০ অক্টোবৰ:ৰাজ্যত অব্যাহত আছে পেট্ৰ'ল-ডিজেলৰ চোৰাং সৰবৰাহ (Petrol Diesel smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং পেট্ৰ'ল-ডিজেলসহ টেংকাৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে । কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই পেট্ৰ'ল-ডিজেলৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় ।
পেট্ৰ'ল-ডিজেলৰ মূল্য আকাশলঙ্ঘী হোৱাৰ সময়তে একাংশ অসাধু লোকে এতিয়া ইয়াৰ চোৰাং বেহাত নামিছে (Smuggling Petrol seized at Nalbari) । নলবাৰী জিলাৰ মুকালমুৱাৰ দমদমা পথাৰত মুকালমুৱা আৰক্ষী আৰু দৌলাশাল আৰক্ষীয়ে অভিযান চলাই ২৬ টা পেট্ৰ'ল (Smuggling Petrol seized in Mukalmuwa) ভৰ্তি ড্ৰামসহ এখন টেংকাৰ জব্দ কৰে ।