নলবাৰী,৮ ডিচেম্বৰ :যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক লৈ অসন্তুষ্ট বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা (Dwipen Baruah unhappy with Zubeen Garg)। জুবিন গাৰ্গক বিশেষ পৰামৰ্শও দিলে দ্বীপেন বৰুৱাই । অনুষ্ঠানৰ মাজতে ক্ষোভ প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে ।
উল্লেখ্য যে বুধবাৰে ড৹ বি আৰ আম্বেদকাৰৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰী চহৰৰ গোল পাৰ্কত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল (Dr BR Ambedkar death anniversary)। য'ত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই গীত পৰিৱেশন কৰে । সংগীতানুষ্ঠানৰ মাজতে জুবিন গাৰ্গৰ বিৰুদ্ধে সৰৱ হৈ পৰে কণ্ঠশিল্পীগৰাকী (Dwipen Baruah slams Zubeen Garg)। তেওঁৰ মতে জুবিন গাৰ্গে একাংশ গীতত শব্দ আৰু কথা ভুলকৈ গাইছে ।
পুৰণি গীতবোৰ নতুনকৈ গোৱাৰ লগতে কিছু নতুনত্ব দিব বিচৰাৰ বাবে তেওঁ জুবিন গাৰ্গক আদৰণি জনাইছে । কিন্তু সেই গীতটোৰ গীতিকাৰ জীয়াই থকা অৱস্থাত ভুলকৈ গোৱাটো উচিত নহয় বুলি উদ্বেগ প্ৰকাশ কৰে কণ্ঠশিল্পীগৰাকীয়ে । সেয়ে পুৰণি গীতবোৰ গোৱাৰ পূৰ্বে সেই দিশবোৰ চাবলৈ জুবিন গাৰ্গক আহ্বান জনায় দ্বীপেন বৰুৱাই । বিশেষকৈ গীতিকাৰ এলি আহমেদে লিখা এটি গীতৰ কথা ভুলকৈ গোৱা বুলি জুবিন গাৰ্গৰ বিৰুদ্ধে অভিযোগ কৰে কণ্ঠশিল্পীগৰাকীয়ে ।