নলবাৰী,১১ মে' :দেশৰ বজাৰ এতিয়া মূল্যবৃদ্ধিৰ জুই (Price hike in India)। পেট্ৰ'ল-ডিজেলকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা দেখা গৈছে । বজাৰৰ প্ৰতিবিধ খাদ্য সামগ্ৰীৰ মূল্য যি হাৰত বৃদ্ধি হৈছে হতাশাত সৰ্বসাধাৰণ ৰাইজ ।
যাৰ বাবে দেশজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা গৈছে (Protest against price hike)। এইখন চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছে । দেশৰ আন আন প্ৰান্তৰ লগতে অসমৰো প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
এইবাৰ 'ৰাইজৰ দলে'ও মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Raijor Dal protest at Nalbari)। দলটোৱে জিলাখনত গণ স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰে । দলটোৰ জিলা সমিতিয়ে নলবাৰী চহৰৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে । 'বিজেপি চৰকাৰ হায় হায়','মূল্যবৃদ্ধি ৰোধ কৰক', 'যোগান বিভাগৰ কাম নাই' আদি বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে দলটোৱে নলবাৰী চহৰ উত্তাল কৰি তোলে ।