নলবাৰী,25 ছেপ্তেম্বৰঃ ৰাজ্য কঁপাই যোৱা SI কাণ্ডৰ ন ন তথ্য ফাদিল । এজনৰ পিছত সিজনক আৰক্ষীয়ে আটক কৰাৰ সময়তে নলবাৰীৰ পৰা কুলদ্বীপ ৰাজবংশী নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, কুলদ্বীপ ৰাজবংশীয়ে নলবাৰী চহৰৰ মমাত নগৰৰ নিজ বাসগৃহৰ পৰাই জাল পেলাইছিল।
নলবাৰীত SI কাণ্ডৰ লগত জৰিত এজন আটক - আৰক্ষীৰ উপ -পৰিদৰ্শক পদ
কুলদ্বীপ ৰাজবংশীয়ে নলবাৰী চহৰৰ মমাত নগৰৰ নিজ বাসগৃহৰ পৰাই জাল পেলাইছিল অসম আৰক্ষীৰ উপ -পৰিদৰ্শক পদৰ বাবে ৷
নলবাৰীত SI কাণ্ডৰ লগত জৰিত এজন আটক
উল্লেখযোগ্য যে, কুলদ্বীপ ৰাজবংশীয়ে নিজৰ ফেচবুকৰ পৰা বিভিন্ন বিভাগৰ চাকৰিৰ পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ চলাই ধন সংগ্ৰহ কৰি আহিছিল। ইপিনে কুলদ্বীপ ৰাজবংশীৰ ঘৰত আৰক্ষীয়ে তালাচী চলায় চাৰি ঘন্টা পৰ্যন্ত ৷ তালাচীৰ সময়ত আৰক্ষীয়ে বহুকেইখন ম’ৱাইল ছিমকাৰ্ডৰ লগতে ধন সংগ্ৰহ কৰাকে ধৰি বহু নথি পত্ৰ জব্দ কৰে ৷
লগতে পঢ়কঃ জনজাতিকৰণৰ দাবীত বাক্সাত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ