নলবাৰী,10 অক্টোবৰঃ ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিৰ্দশক পৰীক্ষা কেলেংকাৰীৰ লগত জড়িত এজনৰ পাছত আনজন পৰিছে আৰক্ষীৰ জালত ৷ মূল অভিযুক্ত দিবন ডেকা, পি কে দত্ত, সুৰজ শৰ্মাকে ধৰি বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সময়তেই শুকুৰবাৰে আন এজন অন্যতম অভিযুক্ত ধৰা পৰিছে নলবাৰী আৰক্ষীৰ হাতত ৷
SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ - শুকুৰবাৰে আন এজন ব্যক্তি ধৰা
মূল অভিযুক্ত দিবন ডেকা, পি কে দত্ত, সুৰজ শৰ্মা আৰু বহুকেইজন ব্যক্তি আৰক্ষীৰ জালত পৰাৰ পিছতেই শুকুৰবাৰে আন এজন ব্যক্তি ধৰা পৰিছে নলবাৰী আৰক্ষীৰ হাতত ৷
![SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ SI SCAM ARRESTED ONE NOLBARI POLICE MUKUT KALITA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9120225-340-9120225-1602304093319.jpg)
SI কেলেংকাৰীৰ আন এজন অভিযুক্তক আটক নলবাৰী আৰক্ষীৰ
নলবাৰী আৰক্ষীয়ে SI কেলাংকাৰীৰ লগত জড়িত আন এজন অন্যতম অভিযুক্ত কুমুদ কলিতাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি নলবাৰী আৰক্ষীয়ে কুমুদ কলিতাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ মন্দিৰ নিৰ্মাণৰ ধন সৰকালে তিৱা স্বায়ত্ব পৰিষদৰ সদস্যই !