অসম

assam

ETV Bharat / state

সামান্য ভুলৰ বাবে আমাৰ জীৱন ধংস নকৰিবঃ পৰীক্ষাৰ্থী - নলবাৰী চিভিল হাস্পাতাল

নলবাৰীত উপ-পৰিদৰ্শক পৰীক্ষা কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ হোৱা পৰীক্ষাৰ্থীৰ মন্তব্য ৷ তেওঁলোকৰ জীৱন ধংস নকৰিবলৈ আহ্বান পৰীক্ষাৰ্থী গৰাকীৰ ৷

SI Exm Candidate Reaction On SI Exm
সামান্য ভুলৰ বাবে আমাৰ জীৱন ধংস নকৰিবঃ পৰীক্ষাৰ্থী

By

Published : Sep 29, 2020, 7:48 PM IST

নলবাৰী, 29 ছেপ্তেম্বৰ :অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীত ইতিমধ্যে সাঙোৰ খাইছে উচ্চ প্ৰদস্থ বিষয়াৰ পৰা আগতীয়াকৈ পৰীক্ষাত বহা বহুতো পৰীক্ষাৰ্থীৰ নাম ৷ ইতিমধ্যে,নলবাৰী আৰু কামৰূপৰ ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে বহু কেইগৰাকী পৰীক্ষাৰ্থী ৷

সামান্য ভুলৰ বাবে আমাৰ জীৱন ধংস নকৰিবঃ পৰীক্ষাৰ্থী

নলবাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱা হৰকৎ আলী নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে শেহতীয়াকৈ মন্তব্য প্ৰদান কৰিছে পৰীক্ষা সন্দৰ্ভত ৷ নলবাৰী চিভিল হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনাৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে পৰীক্ষাৰ্থী গৰাকীয়ে ৷

সামান্য ভুলৰ বাবে আমাৰ জীৱন ধংস নকৰিবঃ পৰীক্ষাৰ্থী

পৰীক্ষাৰ্থী গৰাকীৰ মন্তব্য অনুসৰি,তেওঁলোকৰ একো দোষ নাই ৷ তেওঁলোকক চাকৰিৰ বাবে অন্য লোকে প্ৰলোভন দিছিলে যাৰ বাবে তেওঁলোকে আগতীয়াকৈ টকা উৎকোচ দি পৰীক্ষাত বহা বুলি উল্লেখ কৰিলে ৷ লগতে,সামান্য ভুলৰ বাবে তেওঁলোকৰ জীৱন ধংস নকৰিবলৈ আহ্বান জনাই পৰীক্ষাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক :গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

ABOUT THE AUTHOR

...view details