অসম

assam

ETV Bharat / state

কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা

শুকুৰবাৰে বৰক্ষেত্ৰীত মনোনয়ন দাখিল কৰে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী শান্তনু কলিতা আৰু ধৰ্মপুৰত বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী জ্যোতিৰ্ময় শৰ্মাই ৷

As_nlb_shantanu-kalita-and-jyotirmoy-sarma-put-nomination-at-dharmapur_Vis_AS10004
কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা

By

Published : Mar 20, 2021, 11:20 AM IST

নলবাৰী, 20 মাৰ্চ:শুকুৰবাৰে বৰক্ষেত্ৰীত মনোনয়ন দাখিল কৰে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী শান্তনু কলিতা আৰু ধৰ্মপুৰত বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী জ্যোতিৰ্ময় শৰ্মাই ৷ কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি ৷ মনোনয়ন দাখিলৰ পিছতেই সাংবাদিকৰ আগত এই মন্তব্য কৰে শান্তনু কলিতাই ৷ উল্লেখ্য যে, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল শান্তনু কলিতা । কিন্তু বিজেপিৰ পৰা টিকট বঞ্চিত হৈ জেডিইউ দলৰ হৈ মনোনয়ন দাখিল কৰে কলিতাই ৷

কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা

সমান্তৰালকৈ বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব বঞ্চিত হোৱা ধৰ্মপুৰৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী জ্যোতিৰ্ময় শৰ্মায়ো নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে ৷ ইপিনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই ।

লগতে পঢ়ক-প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰি হতাশগ্ৰস্ত মোদী:APCCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ

ABOUT THE AUTHOR

...view details