গুৱাহাটী, 19 জুলাই : অৱশেষত মৃত্যুৰে হাৰ মানিলে বিশিষ্ট জ্যেষ্ঠ আইপিএছ বিষয়া অনুৰাগ টাংখাই ৷ বিষয়া গাৰকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে বিষয়াগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৰ মহা পৰিদৰ্শক হিচাপে নিয়োজিত হৈ আছিল বিষয়াগৰাকী ৷
উল্লেখ্য যে, সোমবাৰে পুৱা দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিষয়া গৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 51 বছৰ ৷ 1995 বেটচৰ IPS বিষয়া অনুৰাগ টাংখা আৰক্ষীৰ মহাপৰিদৰ্শক ৰূপে অসমত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ডেপুটেচনত দিল্লীলৈ গৈছিল ৷