অসম

assam

ETV Bharat / state

নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ

অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনক লৈ আলোচনা চক্ৰ ৷ কেইবাগৰাকীও বিশিষ্ট অধ্যাপক আৰু ৰাজনৈতিক বিশ্লেষকে এই আইন সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে ।

Seminar against CAA at Nalbari College
CAA কু-ফল সম্পৰ্কে নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ

By

Published : Jan 12, 2020, 11:05 AM IST

নলবাৰী, 12 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ ৷ অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ । জাতিধ্বংসী এই সংশোধিত নাগৰিকত্ব আইনৰ পৰা অসমে পাবলগীয়া কু-ফলসমূহৰ বিষয়ে এই চক্ৰৰ জৰিয়তে আলোচনা কৰা হয় ৷ লগতে এই আইনক লৈ চলা প্ৰচাৰ অপপ্ৰচাৰ সম্পৰ্কেও আলোচনা কৰা হয় । কেইবাগৰাকীও বিশিষ্ট অধ্যাপক আৰু ৰাজনৈতিক বিশ্লেষকে এই আইন সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে । আনহাতে এই আলোচনা চক্ৰত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত অধ্যাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ

ABOUT THE AUTHOR

...view details