অসম

assam

ETV Bharat / state

নিৱনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ শেৱালি আৰু অনামিকা - ইউকো বেংক

যি সময়ত একাংশ লোকে উপযুক্ত কৰ্ম সংস্থাপনৰ বাবে নিবনুৱা হৈ দিন কটাবলীয়া হৈছে ৷ তেনে সময়তে নলবাৰীৰ দুগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত হৈ বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি মোকলাইছে জীৱিকাৰ পথ ৷ মচলা-আচাৰ,গো-পালন আদিৰে মোকলাইছে স্বাৱলম্বিতাৰ পথ ৷

SELF DEPENDENT WOMAN IN ASSAM NALBARI
নিৱনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ শেৱালি আৰু অনামিকা

By

Published : Jul 24, 2020, 5:09 PM IST

নলবাৰী, 24 জুলাই : যি সময়ত একাংশ লোকে উপযুক্ত কৰ্ম সংস্থাপনৰ বাবে নিবনুৱা হৈ দিন কটাবলীয়া হৈছে ৷ তেনে সময়তে নলবাৰীৰ দুগৰাকী মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত হৈ বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰি মোকলাইছে জীৱিকাৰ পথ ৷

নিৱনুৱাৰ বাবে আদৰ্শ নলবাৰীৰ শেৱালি আৰু অনামিকা

নলবাৰীৰ বিষ্টুপুৰ গাঁৱৰ শেৱালি ডেকা বৰ্মন এগৰাকী গৃহণী ৷ স্বামীয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিয়া পৰিয়ালটোৰ মহিলা গৰাকীয়ে উক্ত প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰি জে বি ফুড প্ৰডাক্ট নামৰ এটা উদ্যোগ খুলি মচলা,আচাৰকে ধৰি প্ৰায় ১২ টাকৈ প্ৰডাক্ট বৰ্তমান প্ৰস্তুত কৰি নিজৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে ।

আনহাতে,নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱৰ অনামিকা শৰ্মা ভাগৱতী নামৰ মহিলা গৰাকীয়েও গো-পালনৰ লগতে মৎস্য পালন কৰি বছৰি লাখ-লাখ টকা উপাৰ্জন কৰি আহিছে । উচ্চ শিক্ষিত এইগৰাকী মহিলা এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল যদিও বৰ্তমান সময়ত গো আৰু মৎস্য পালনত মনোনিবেশ কৰি নিবনুৱা সকলক এক আদৰ্শ দেখুওবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে,মহিলা গৰাকীয়ে এই ব্যৱসায়ৰ জৰিয়তে নিজৰ লগতে কেইবাটাও পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে,নলবাৰীৰ ভাৰত গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটো ইউকো বেংকৰ অধীনৰ এটা শাখা। 2014 চনতে স্থাপন হোৱা এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে জিলাখনৰ ৩০৬৫ জনকৈ প্ৰশিক্ষাৰ্থীক বিভিন্ন প্ৰশিক্ষণ দি আহিছে । আনহাতে,ইয়াৰ অধীনত ৫৮৬ টা কেন্দ্ৰ আছে । বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ প্ৰাপ্ত হৈ বহুতো লোকে জীৱিকাৰ পথ মোকলাই অহা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : প্ৰমোদ বড়োৰ সৈতে তুলনা নহয় প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীৰ : ইউ পি পি এল

For All Latest Updates

ABOUT THE AUTHOR

...view details