অসম

assam

ETV Bharat / state

144 in Nalabari : উত্তপ্ত নলবাৰীত শান্তি-শৃংখলা অটুত ৰাখিবলৈ ১৪৪ ধাৰা জাৰি - Nalbari Bandh

প্ৰতিবাদ মষিমূৰ কৰাৰ স্বাৰ্থত সোমবাৰৰ পৰা নলবাৰীত জাৰি কৰা হ’ল 144 ধাৰা ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন 14 কিঃমিঃ নিলগলৈ স্থানান্তৰ কৰাক লৈ বিগত দুটা দিনে উত্তপ্ত হৈ আছে নলবাৰী ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে 144 ধাৰা বলৱৎ কৰাৰ জাননী প্ৰকাশ কৰিছে (Section 144 imposed in Nalbari) ৷

144 in Nalabari
নলবাৰীত জাৰি কৰা হ’ল 144 ধাৰা

By

Published : Feb 13, 2023, 7:33 PM IST

নলবাৰীত জাৰি কৰা হ’ল 144 ধাৰা

নলবাৰী, ১৩ ফেব্ৰুৱাৰী : প্ৰতিবাদত কঁপি উঠিল প্ৰশাসন যন্ত্ৰ ৷ বিগত দুটা দিন ধৰি প্ৰতিবাদত উত্তাল হৈ আছে নলবাৰী ৷ পৰিপ্ৰক্ষিতত নলবাৰীত জিলা প্ৰশাসনে পত্ৰযোগে জাৰি কৰিলে ১৪৪ ধাৰা (Section 144 imposed in Nalbari)৷ প্ৰতিবাদক মষিমূৰ কৰিবৰ বাবে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিলে ।

সোমবাৰেও স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল নলবাৰী ৷ বন্ধ হৈ পৰিল জনজীৱন ৷ ক্ষোভিত মহিলাৰ প্ৰতিবাদী সমদলে উত্তাল কৰি তুলিলে নলবাৰী চহৰ (Protest in Nalbari)৷ উল্লেখযোগ্য যে জিলাখনৰ হৃৎপিণ্ডস্বৰূপ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন (Swahid Mukunda Kakati Civil Hospital) নলবাৰী চহৰৰ পৰা ১৪ কি:মি: নিলগৰ ঘগ্ৰাপাৰৰ ওচৰৰ দক্ষিণ গাঁৱলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে নলবাৰীবাসী ৷ ইয়াকে লৈ বিগত চাৰিদিন ধৰি উত্তপ্ত হৈ আছে জিলাখন ৷

নলবাৰীত জাৰি কৰা হ’ল 144 ধাৰা

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনিৰ্মীত মেডিকেল কলেজৰে সংলগ্ন কৰি অসামৰিক চিকিৎসালয়খনৰ বহিঃবিভাগৰ সকলো যাৱতীয় সামগ্ৰী, চিকিৎসক-কৰ্মচাৰীক স্থানান্তৰ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ চহৰখনৰ মাজমজিয়াৰ পৰা চিকিৎসাসেৱা ১৪ কিঃমিঃ ভিতৰৰ গাঁৱৰ মাজলৈ নিয়াত ক্ষোভিত হৈ পৰিছে নলবাৰীৰ জনতা ৷

যাৰ পৰিপ্ৰেক্ষিতত নিতৌ নলবাৰীত ধৰ্ণা প্ৰতিবাদেৰে ক্ষোভৰ উদগীৰণ হৈ আছে ৷ ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছ আৰু অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদৰ মাজতে কংগ্ৰেছে সোমবাৰে নলবাৰী বন্ধ ঘোষণা কৰিছিল । নলবাৰীবাসীয়ে স্বতঃস্ফূৰ্তভাৱে এই বন্ধক সমৰ্থন জনোৱা পৰিলক্ষিত হয় (Nalbari Bandh)। ইয়াৰ পিচতে দুপৰীয়াৰ ভাগত চহৰখনৰ ভিন্ন প্ৰান্তৰ পৰা শ শ মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে নলবাৰীৰ আকাশ-বতাহ ৷

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘটিত হৈছিল হতাহতি ৷ ইয়াকে লৈ নলবাৰীত শান্তি-শৃংখলা বিঘ্নিত নহ’বলৈ অৱশেষত নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা ৷ জিলাখনত সোমবাৰৰ পৰা ৬০ দিনৰ বাবে বলবৎ হ’ব এই ধাৰা ৷ গণতান্ত্ৰিক প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰশাসনে এই সিদ্ধান্ত লোৱা বুলি ভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ জিলা প্ৰশাসনৰ এই সিদ্ধান্তত দূৰ্বলতা প্ৰকাশ পোৱা বুলি চৰ্চিত হৈছে ৷

উল্লেখ্য যে, 144 ধাৰা বলবৎ হৈ থকা সময়ত পাঁচ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ কোনো লোকে লগত চোকা অস্ত্ৰ লৈও ঘূৰিব নোৱাৰিব । নোৱাৰিব কোনো ধৰ্ণা-প্ৰতিবাদ কৰিব ৷ বাইকত এজন লোকেহে যাত্ৰা কৰাৰ উপৰিও কোনো লোকে আইন অমান্য কৰিলে জৰিমনা-শাস্তি বিহা হ’ব বুলি জাননীযোগে ঘোষণা কৰে নলবাৰী জিলা প্ৰশাসনে ৷

লগতে পঢ়ক:Protest in Nalbari: অসামৰিক চিকিৎসালয় স্থানান্তৰৰ প্ৰতিবাদত স্বতঃস্ফূৰ্তভাৱে স্থৱিৰ হৈ পৰিল নলবাৰী চহৰ

ABOUT THE AUTHOR

...view details