নলবাৰী , ১২ জানুৱাৰী :উচ্চতৰ মাধ্য়মিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক স্কুটী বিতৰণৰ কাৰ্যসূচী ৰাজ্য়ৰ ভিন্ন প্ৰান্তত অব্য়াহত আছে । নলবাৰীৰ বিধায়ক অশোক শৰ্মাই মঙলবাৰে সমষ্টিটোৰ মেধাৱী ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচঁনিৰ অন্তৰ্গত ডঃ বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি বিতৰণ কৰে ।
নলবাৰীৰ মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান - প্ৰজ্ঞান ভাৰতী আচঁনি
নলবাৰীৰ বিধায়ক অশোক শৰ্মাই মঙলবাৰে সমষ্টিটোৰ মেধাৱী ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচঁনিৰ অন্তৰ্গত ডঃ বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী বিতৰণ কৰে । নলবাৰী জিলা পৰিবহন বিষয়া মাধুৰ্য বৰা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত ।
![নলবাৰীৰ মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান নলবাৰীৰ মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10217060-359-10217060-1610457290800.jpg)
নলবাৰীৰ মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান
নলবাৰী নাট্যমন্দিৰত আয়োজিত অনুষ্ঠানত জিলা খনৰ চাৰিশ ছাত্রীৰ ১০ গৰাকী মেধাৱী ছাত্ৰীক আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয় । মুখ্য অতিথি হিচাপে বিধায়ক অশোক শৰ্মাই মেধাৱী ছাত্রী সকলৰ উদ্দেশ্যে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ আগবঢ়াই । নলবাৰী জিলা পৰিবহন বিষয়া মাধুৰ্য বৰা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত ।
লগতে পঢ়ক :যোৰহাটত জে পি নাড্ডাৰ প্ৰতিকৃতি দাহ আটাছুৰ