নলবাৰী, 10 ছেপ্টেম্বৰ :নলবাৰীত জন্মাষ্টমী উপলক্ষে আয়োজিত এক অনুষ্ঠানত পুনৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছে সত্যৰঞ্জন বৰাই ৷ উগ্ৰ হিন্দুত্ববাদী নেতা গৰাকীয়ে কয় যে হিন্দু সকল ভাৰতবৰ্ষৰ সংস্কৃতি-সভ্যতাৰ অবিচ্ছেদ্য অংগ ৷ ‘‘ভাৰতবৰ্ষত সংস্কৃতি-সভ্যতা নাথাকিলে আমি থাকিব নোৱাৰো আৰু আমি অকলশৰে যে ইছলামিক অগ্ৰাসনৰ বিৰুদ্ধে যুজিব নোৱাৰোঁ, এই কথাটো সকলো হিন্দুৱে উপলব্ধি কৰা উচিত’’ ৷
আনহাতে বৰাই অসমত সংঘটিত লাভ জেহাদ সন্দৰ্ভত কয় যে, অসমত লাভ জেহাদ আগৰে পৰা হৈ আছে ৷ কিন্তু এতিয়া হিন্দু সকল জাগ্ৰত হোৱা বাবে সকলোৱে গম পাইছে ৷ গতিকে মাছৰ যেনেকৈ উজান উঠিছে এই উজান আমি একেটা কোবতে শেষ কৰিম বুলি কয় বৰাই ৷ অৱশ্যে হাজোৰ ঘটনাটো সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত সত্যৰঞ্জন বৰাই কয় যে হাজোৰ ঘটনাটো এটা পৰিকল্পিত ঘটনা ৷ ইয়াত হাজোৰ ব্লক কংগ্ৰেছ জড়িত আছে ৷