নলবাৰী,29 জানুৱাৰীঃ বৰেণ্য সাহিত্যিক,চিন্তাবিদ বুদ্ধিজীৱি,সমালোচক শশী শৰ্মাৰ প্ৰথম মৃত্যু বাৰ্ষিকী নলবাৰী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে এক আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰা হয় । ১৯৩০ চনৰ ৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা বৰেণ্য চিন্তাবিদ গৰাকীয়ে ২০২০ বৰ্ষৰ ২৮ জানুৱাৰীত ইহলীলা সম্বৰণ কৰিছিল। সাহিত্যিক গৰাকীয়ে ইহসংসাৰ ত্যাগ কৰা এটা বছৰ পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে পুৱাৰ ভাগত নলবাৰী প্ৰেছ ক্লাৱ বাকৰিত থকা সাহিত্যিক গৰাকীৰ স্থায়ী আৱক্ষ মূৰ্তিত মাল্যাৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক তথা সাংবাদিক মজিবুৰ ৰহমানে ।
ইয়াৰ পিছতে সাংবাদিকদ্বয় জ্ঞানজ্যোতি শইকীয়া, অৰবিন্দ চক্ৰবৰ্ত্তী আৰু সমাজ সচেতক তথা শশী শৰ্মাৰ জোৱাই তপন আলীয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে । ইফালে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত নলবাৰী প্ৰেছ ক্লাৱ বাকৰিত "শশী শৰ্মাৰ জীৱন দৰ্শন" শীৰ্ষক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক মজিবুৰ ৰহমানে আঁত ধৰা আৰু বিশিষ্ট সাহিত্যিক-সমালোচক ৰফিউল হুছেইন বৰুৱাই সভাপতিত্ব কৰা অনুস্থানটোত শশী শৰ্মাৰ জীৱন দৰ্শনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় 'যি জাতিয়ে মহা জীৱনক স্মৰণ কৰে, সেইটোৱেই সভ্য জাতি। শশী শৰ্মাৰ দৰে সাগ্নিক এগৰাকীক স্মৰণ কৰাটো পবিত্ৰ কৰ্তব্য। শশী শৰ্মাই সাম্যবাদী দৰ্শন বুকুত সাৱতি এজন সু-সংগঠক হিচাপে নিপীড়িত মানুহক নতুন স্বপ্নৰে আলোড়িত কৰিব পাৰিছিল । শশী শৰ্মাই নলবাৰীত পূৰ্বভাৰতী,দিনেশ মিশ্ৰ পুথিভঁৰাল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াত আগভাগ লৈছিল তেওঁ কয় ।