নলবাৰী, 2 এপ্ৰিল :এইবাৰ নিৰ্বাচনীত প্ৰচাৰত এইআইইউডিএফক ফোক্টৰ হিচাপে লোৱা বিজেপিয়ে তৃতীয় পৰ্যায়তো ঠায়ে ঠায়ে আজমলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিবলৈ এৰা নাই ৷ তৃতীয় পৰ্যায়ত বিশেষকৈ হাগ্ৰামা আৰু আজমলক একেলগ কৰি নিৰ্বাচনী প্ৰচাৰত মন্তব্য প্ৰকাশ কৰিছে বিজেপি নেতা পালি নেতা সকলক ৷
"বৰ্তমান অসমীয়া মহাশত্ৰু হিচাপে পৰিগণিত হৈছে কংগ্ৰেছ-এআইইউডিএফ ৷" শুকুৰবাৰে নলবাৰীৰ ৬১ নং ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰচাৰ সভা এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মু্খ্যমন্ত্ৰী গৰাকীৰ ভাষণত ৰাজ্যৰ প্ৰধান সমস্যা সমূহৰ বিপৰীতে আজমলহে বেছি প্ৰধান্য পোৱা দেখা যায় ৷