নলবাৰী, ৭ অক্টোবৰ :ভক্তি বন্দনাৰে মুখৰিত ৰাজ্যৰ সত্ৰ তথা নামঘৰসমূহ ৷ ৰাজ্যজুৰি উদযাপন কৰা হৈছে অসমৰ সমাজ, সাহিত্য, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা তথা নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা মহাপুৰুষশ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী (574th birth anniversary of Sankardev) ৷ বাদ পৰি ৰোৱা নাই প্ৰজ্ঞাৰ নগৰী নলবাৰী চহৰো ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰীৰ মৰোৱা শংকৰদেৱ ক্ষেত্ৰত ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে এই বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠাত অগনন ভকত বৈষ্ণৱৰ সমাগম হোৱা পৰিলক্ষিত হয় (Sankardev birth anniversary celebrated in Nalbari) ৷
এই অনুষ্ঠানৰ অংশ স্বৰূপে বৃহস্পতিবাৰে নিশা এক ধৰ্মালোচনী সভাৰ আয়োজন কৰা হয় ৷
এই সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মাজুলী আউনী আটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ গোস্বামী (Pitambar Deva Goswami in Nalbari) আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিত দাস । বৃহস্পতিবাৰে আয়োজিত ৬৬ সংখ্যক ধৰ্মালোচনী সভাখনৰ সভাপতিত্ব কৰে ডাঃ মধুৰাম বৈশ্যই ৷