বৰপেটা, ২০ মে': সমগ্র বিশ্বই ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি থকাৰ লগতে ভাৰতবৰ্ষতো কৰ'ণা মহামাৰীয়ে বহুলোকৰ প্ৰাণ কাঢ়ি নিছে । দেশৰ এনে জটিল পৰিস্থিতিত জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলে ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজক সজাগ আৰু সাৱধান কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে । এইক্ষেত্ৰত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ অন্তৰ্গত গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱকসকলে জনগণৰ সুস্বাস্থ্য আৰু সুৰক্ষাৰ স্বাৰ্থত অহৰহভাৱে কাম কৰি আহিছে ।
বৃহস্পতিবাৰে গহিয়াৰ লাচিত শাখাৰ স্বয়ংসেৱকসকলে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে অঞ্চলটোত ছেনিটাইজিং কাৰ্যসূচী ৰূপায়ন কৰে । লাচিত শাখাৰ স্বয়ংসেৱকসকলে গহিয়া ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্র, গহিয়া পশু চিকিৎসা উপ কেন্দ্র, গহিয়া বজাৰ এলেকা, গড়ৰতাৰিস্হ পশ্চিম সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত কাৰ্যালয়, পশ্চিম সৰুক্ষেত্ৰী সমবায় সমিতিৰ কাৰ্যালয় প্ৰাংগণ, গড়ৰতাৰি বজাৰৰ লগতে অঞ্চলটোৰ মন্দিৰ, নামঘৰ আদিত ছেনিটাইজিং কৰে ।