অসম

assam

ETV Bharat / state

জাপি দিলেই গ্ৰহণ কৰা নহ'ব কোনো শিক্ষা নীতি -সমুজ্জল কুমাৰ ভট্টাচাৰ্য - NRC

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত প্ৰক্ৰিয়াত জড়িত থকা প্ৰতিজন বিষয়াক এখন বিদেশী মুক্ত এখন নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্ৰাচাৰ্য্যই । বিষয়া কৰ্মচাৰীসকলৰ হাততে অসমবাসীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যচৰকাৰলৈও এই ক্ষেত্ৰত ফলপ্ৰসূব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

ETV BHARAT

By

Published : Jun 15, 2019, 10:47 PM IST

নলবাৰী,15 জুন : জাপি দিলেই গ্ৰহণ কৰা নহ'ব কোনো শিক্ষা নীতি ৷ শিক্ষা নীতিত থাকিব লাগিব ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী সমল ৷ নতুন শিক্ষা নীতিত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হব লাগিব । অন্যথা ইয়াৰ বিৰোধিতা কৰিব আছুৱে । শনিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত এই কথা স্পষ্ট কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

নতুন শিক্ষা নীতিত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হব লাগিব


আনহাতে এই সভাতে আছুৰ উপদেষ্টা সমুজ্জল ভট্ৰাচাৰ্য্যই নলবাৰীত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰে । সমান্তৰালকৈ অসমৰ প্ৰথমখন দক্ষতা বিকাশ মহাবিদ্যালয় নলবাৰীত স্থাপন কৰিবলৈ দাবী উত্থাপন কৰে । একেদৰে বিজ্ঞান শিক্ষাৰ বাবে আইচাৰৰ দৰে শিক্ষানুষ্ঠান, ঔষধি গছৰ বিষয়ে গবেষণা কৰিবলৈ গবেষণাৰ শিক্ষানুষ্ঠান , আই আই এমৰ দৰে শৈক্ষিক প্ৰতিষ্ঠান, আৰু নদীৰ বিষয়ে গবেষণা কৰিবলৈ গবেষণাৰ শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত প্ৰক্ৰিয়াত জড়িত থকা প্ৰতিজন বিষয়াক বিদেশী মুক্ত এখন নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ আহ্বান জনায় সমুজ্জল ভট্ৰাচাৰ্য্যই । বিষয়া কৰ্মচাৰীসকলৰ হাততে অসমবাসীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে বুলিও তেওঁ লগতে কয় ৷ লগতে ৰাজ্যচৰকাৰলৈও এই ক্ষেত্ৰত ফলপ্ৰসূব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় উপদেষ্টাগৰাকীয়ে ৷

নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নলবাৰী জিলা ছাত্ৰ সন্থা ৰ সভাপতি গুনজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত শিক্ষাবিদ ডঃ উমেশ ডেকা, নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিত কৌৰ, আছুৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন আদিয়ে বক্তৃতা প্ৰদান কৰে । এই অভিনন্দন অনুষ্ঠানত এইদৰে নলবাৰী জিলাৰ মেধাবী ছাত্ৰ ছাত্ৰী সকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

...view details