চামতা,1 জুলাইঃ অইল ইণ্ডিয়া গুৱাহাটী ৰিফাইনাৰী আৰু নয়ডাৰ অৰ্থ সাহাৰ্যত চামতা আঞ্চলিক ক্ৰীড়া সংঘ ষ্টেডিয়ামত আৰম্ভ হয় গ্ৰামাঞ্চলৰ আগশাৰীৰ ৪২তম নৰোৰাম বৰ্মন সোঁৱৰণি বিজয়ী ট্ৰফী,ৰণীধৰ বৰ্মন সোঁৱৰণী বিজিত ট্ৰফী আৰু প্ৰমোদ পাটোৱাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্ট। দেওবাৰৰ উদ্বোধনী মেচত ঘৰুৱা দল চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ "এ' টিমে' বি' টিমক ৩-০গলৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।
চামতাত নৰোৰাম বৰ্মন ফুটবল ট্ৰফীৰ শুভাৰম্ভণী - চামতা
দেওবাৰৰ উদ্বোধনী মেচত ঘৰুৱা দল চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ "এ' টিমে' বি' টিমক ৩-০গলৰ পৰিষ্কাৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।
![চামতাত নৰোৰাম বৰ্মন ফুটবল ট্ৰফীৰ শুভাৰম্ভণী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3709558-thumbnail-3x2-ee.jpg)
চামতাত নৰোৰাম বৰ্মন ফুটবল ট্ৰফীৰ শুভাৰম্ভণী
চামতাত নৰোৰাম বৰ্মন ফুটবল ট্ৰফীৰ শুভাৰম্ভণী
২০ মিনিটত' এ' টিমৰ চন্দন বৰ্মণে এটা গল স্ক'ৰ কৰাৰ পিছত ২৩ আৰু ২৫ মিনিটত আন দুটা গল স্ক'ৰ কৰিবলৈ সক্ষম হয় ক্ৰমে কমল বৰ্মণ আৰু অবিনাশ লহকৰে। উক্ত খেলখন উদ্বোধন কৰে ক্ৰীড়া সংগঠক ভৃগুপতি বৰ্মণে।খেল পৰিচালনা কৰে বিশ্বজিত ভূঞাই।
Last Updated : Jul 1, 2019, 10:08 AM IST