নলবাৰী , 30 মে':সন্দিকৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধিক নিজৰ পুত্ৰ - কন্যাই চলোৱা নিৰ্যাতন সহিব নোৱাৰি ৰে'লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যত ব্যাপক চাঞ্চল্য অব্যাহত আছে ৷
নলবাৰীৰ নন্দেশ্বৰ মেধিৰ কৰুণ কাহিনীঃ পত্নী-বৰপুত্ৰই কৰিলে সাক্ষাৎ - পুত্ৰৰ নিৰ্যাতন
শান্তি নিৱাস বৃদ্ধাশ্ৰমত ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ পত্নীৰ বৰপুত্ৰ ৷ গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে লম্পট কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধি ৷ স্বামীৰ চৰণ চুই সেৱা ল'লে পত্নীয়ে ৷
শুকুৰবাৰে অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি নলবাৰীত ৰে'লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰাৰ সময়তে সাংবাদিক এগৰাকীয়ে তেওঁক ৰক্ষা কৰিছিল ৷ সাংবাদিকগৰাকীয়ে বিশিষ্ট শিক্ষাবিদগৰাকীক উদ্ধাৰ কৰি শান্তি নিবাস বৃদ্ধাশ্ৰমত তেওঁৰ আশ্ৰয়ৰ ব্যৱস্থা কৰে ৷ শিক্ষাবিদগৰাকীয়ে জনোৱা অনুসৰি নিজৰ কনিষ্ঠ পুত্ৰই তেওঁক অমানুষিক অত্যাচাৰ কৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাইছিল । বিশিষ্ট গৱেষক গৰাকীৰ এনে কৰুণ কাহিনীৰ কথা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত বিস্তৃতভাৱে প্ৰকাশ হোৱাৰ পিচতে বৰপুত্ৰ লোচন ৰাজ মেধি আজি নলবাৰীৰ শান্তি নিবাস বৃদ্ধাশ্ৰমত উপস্থিত হয় ৷ নিজৰ লগতে ভাতৃ নকুল ৰাজ মেধিৰ কুকাৰ্য আৰু ভগ্নীসকলৰ মানসিকতাৰ কথা উল্লেখ কৰি বৰপুত্ৰ মেধিয়ে কয় যে মাত্ৰ পিতৃৰ পেঞ্চনৰ ধনখিনিৰ ওপৰতহে সকলোৰে চকু ৷ আজিও পিতৃৰ পৰা ধন নিবলৈহে আহিছিল বৰপুত্ৰ ৷ ইফালে পিতৃৰ ওপৰত বৰ্বৰতা চলোৱা কনিষ্ঠ পুত্ৰ নকুল ৰাজ মেধিয়ে এতিয়া গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে বুলিও মাতৃ আৰু বৰপুত্ৰই সাংবাদিকৰ আগত সদৰি কৰে ৷
আনহাতে স্বামী ড৹ নন্দেশ্বৰ ৰাজ মেধিক দেখি আৱেগিক হৈ পৰে পত্নী হীৰামণি ৰায় মেধি । বুধবাৰে শান্তি নিবাসত প্ৰৱেশ কৰিয়েই স্বামীৰ চৰণ চুই সেৱা লয় পত্নীয়ে ৷ লগতে কয় যে পুত্ৰৰ হাতত প্ৰাণ গ'লেও কপালৰ ঘাম মাতিত পেলাই নিৰ্মাণ কৰা স্বামীগৃহ এৰি তেওঁ ক'লৈকো নাযায় ৷ লক্ষণীয়ভাবে অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি আৰু পত্নী হীৰামণি মেধিৰ এই আৱেগিক মুহুৰ্তৰ সাক্ষী হৈ ৰ'ল শিক্ষাবিদ গৰাকীৰ খবৰ ল'বলৈ অহা বহু লোক ।