অসম

assam

ETV Bharat / state

নৱমী পূজাত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বাতিল ৰাজহুৱা বলি

এইবাৰ দেৱালয় কৰ্তৃপক্ষই সকলোৰে মঙ্গলাৰ্থে আৰু কৰ'ণা মহামাৰী নিৰ্মূলৰ কামনাৰে মাত্ৰ এটা ম’হ অৰু এটা ছাগলী বলি দিয়া হয় ৷

By

Published : Oct 25, 2020, 5:51 PM IST

Sacrifice tradition posponed at belsar bilweswar shaktipith of Nalbari
নৱমী পূজাত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বাতিল ৰাজহুৱা বলি

নলবাৰী, 25 অক্টোবৰ: আজি মহানৱমী পূজা ৷ কিন্তু ৰাজ্যৰ আন সমুহ ঐতিহ্যমণ্ডিত পূজা মণ্ডপৰ দৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়তো দেখা নগল পূৰ্বৰ পৰিৱেশ ৷ পূৰ্বে মহানৱমীৰ দিনটোত নলবাৰীৰ এইখন ঐতিহ্যমণ্ডিত দেৱালয়ত নৱমী পূজাত ম'হ বলি দিয়া হয় যদিও এইবাৰ এই ভাগ প্ৰথা সমাপন নকৰিলে পূজা সমিতিয়ে ৷ ইয়াৰ পৰিৱৰ্তে দেৱালয় কৰ্তৃপক্ষৰ পৰা সকলোৰে মঙ্গলাৰ্থে আৰু কৰ'ণা মহামাৰী নিৰ্মূলৰ কামনাৰে মাত্ৰ এটা ম’হ আৰু এটা ছাগলী বলি দিয়া হয় ৷ ইয়াৰ উপৰিও পূজাৰ প্ৰতিটো দিনতে অতি প্ৰাচীন এই দেৱালয়ত বহু লক্ষ্য ভক্তৰ সমাহাৰ ঘটে যদিও এইবাৰ দেখা নগল ভক্তৰ তেনে সমাগম ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিহে ভক্ত দৰ্শনাৰ্থীয়ে পূজাত সোমাৱাৰ ব্যৱস্থা কৰিছে পূজা সমিতিয়ে ৷

নৱমী পূজাত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত বাতিল ৰাজহুৱা বলি

উল্লেখ্য যে, কিংবদন্তী অনুসৰি ৰজা নাগাখ্যৰ দিনতে স্থাপন হোৱা মা কামাখ্যাৰ পিছতে দ্বিতীয় খন শক্তিপীঠ হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয় খনত ভক্তই বলিৰ বাবে আগবঢ়াই ম'হ ৷ লোক বিস্বাস অনুসৰি এই দেৱালয়ত ম'হ বলি দিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় ৷ সেয়েহে প্ৰতি বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই দেৱীৰ চৰণত আগবঢ়াই আহিছে 40 টাৰো অধিক ম'হ ৷ কিন্তু এইবাৰ কৰ'ণা মহামাৰীৰ বাবে দেৱালয় খনত নহ'ল ৰাজহুৱা বলি ৷

লগতে পঢ়কঃদুৰ্গা দেৱীৰ নটা-ৰূপত এগৰাকী যুৱতী ভক্ত

ABOUT THE AUTHOR

...view details