অসম

assam

ETV Bharat / state

Rupjyoti Kurmi slams Akhil Gogoi: মাওবাদীৰ ধনেৰে আন্দোলন কৰে অখিল গগৈয়ে; বিধায়ক ৰূপজ্যোতি

অখিল গগৈক পুনৰ নিয়াৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ মাওবাদীৰ সৈতে অখিল গগৈৰ সম্পৰ্ক থকা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিধায়ক ৰূপজ্যোতিয়ে (Rupjyoti Kurmi slams Akhil Gogoi) ৷ অহা লোকসভা নিৰ্বাচনত 13 খন আসন নিশ্চিতভাৱে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে (Rupjyoti Kurmi on Lok Sabha election) ৷

Rupjyoti Kurmi slams Akhil Gogoi
অখিল গগৈৰ প্ৰতি সৰৱ বিধায়ক ৰূপজ্যোতি

By

Published : Feb 10, 2023, 8:29 PM IST

অখিল গগৈৰ প্ৰতি সৰৱ বিধায়ক ৰূপজ্যোতি

নলবাৰী, 10 ফেব্ৰুৱাৰী: নলবাৰীৰ বৰ আজাৰাস্থিত বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মাৰ বাসগৃহত বৃহস্পতিবাৰে আয়োজন কৰা হয় মা মনসা পূজা । পূজাথলী পৰিনত হৈ পৰিল মিনি দিছপুৰলৈ (Nalbari turns into mini Dispur)। পুৱাৰে পৰা বহু কেইজন মন্ত্ৰী বিধায়কেৰে ভৰি পৰে পূজাথলী । মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীও পূজা থলীত উপস্থিত হৈ আশীস ল’লে মা মনসাৰ । মা মনসাৰ চৰণত সেৱাৰে প্ৰণিপাত জনায় সকলোৰে মংগল কামনা কৰে বুলি কয় বিধায়ক ৰূপজ্যোতিয়ে (Rupjyoti Kurmi in Nalbari) ৷

সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতি সৰৱ হোৱা পৰিলক্ষিত হয় বিধায়ক কুৰ্মী । তেওঁ কয় যে, অখিল গগৈৰে আছে মাওবাদীৰে সম্পৰ্ক । অখিল গগৈয়ে মাওবাদীৰ টকাৰে আন্দোলন কৰি ফুৰিছিল । ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে, বিধায়ক হোৱাৰ আগত অখিল গগৈয়ে বাহিৰৰ পৰা টকা লৈ অসমত প্ৰতিবাদ কৰি আছিল । বিজেপি চৰকাৰ হোৱাৰ পৰা অখিল গগৈয়ে মাওবাদীৰ পৰা পইচা ল’বলৈ নোপোৱাত প্ৰতিবাদো বন্ধ হৈ থাকিল । কৰ’বাত নহয় কৰ’বাত অখিল গগৈৰ মাওবাদী বা নক্সালবাদীৰে সম্পৰ্ক থকা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi slams Akhil Gogoi) ।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত অঞ্চল বা আসন সমূহ বিজেপিয়ে উদ্ধাৰ কৰিবলৈ কেনেকুৱা ৰণকৌশল আৰম্ভ কৰিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত বিধায়ক ৰূপজ্যোতি কুৰ্মী পোনতে অসমৰ মিঞা মুছলমান সকলৰ প্ৰতি আক্ৰণাত্মক হয় । তেওঁ কয় যে, একাংশ সংখ্যালঘু লোকে অসমৰ বায়ু-পানী খাই এতিয়াও অসমক আৰু ভাৰতক নিজৰ দেশ বুলি মানি নলয় । অসমৰ খিলঞ্জীয়া মুছলমানে অসমীয়া বুলি, ভাৰতীয় বুলি সদায় সকলো জনগোষ্ঠীৰে মিলা-প্ৰীতিকৈ বাস কৰি আছে (Rupjyoti Kurmi on minority Muslims) ।

কুৰ্মীয়ে লগতে কয়, অসম চৰকাৰে সকলো জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিছে । শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানসমূহত সংখ্যালঘু লোকসকলে সুবিধা পোৱা বুলি মত ব্যক্ত কৰে বিধায়কগৰাকীয়ে । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে 13 খনকৈ আসন পাব বুলিও মত ব্যক্ত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । অসমৰ 14 খন আসনৰ মাত্ৰ ধুবুৰী লোকসভা সমষ্টিত সংখ্যালঘু লোক অধিক হোৱা বাবে সেইটো সমষ্টি হিচাপত লোৱা নাই বুলিও কয় কুৰ্মীয়ে (Rupjyoti Kurmi on Lok Sabha election) ।

আনহাতে, সাংবাদিকে অসমৰ সীমা সমস্যা কেতিয়া সমাধান হ’ব বুলি প্ৰশ্ন কৰাত ৰূপজ্যোতি কুৰ্মীয়ে নগা আৰু অৰুণাচলীয়ে আগ্ৰাসন চলাই মৰিয়নি সমষ্টিতো অৰণ্যৰ গছ-বন কাটি তহিলং কৰাৰ কথা স্বীকাৰ কৰে । এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সমাধান কৰিবলৈ অহৰহ চেষ্ট চলাই থকা বুলি কয় । অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই আলোচনাত বহা বুলিও মত ব্যক্ত কৰে ৰূপজ্যোতি কুৰ্মীয়ে । আনহাতে, নাগালেণ্ডত অহা কেইদিন মানৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হোৱাৰ বাবে ৰখিব লগীয়া হৈছে বুলিও তেওঁ সদৰী কৰে । তেওঁ কয় যে, নাগালেণ্ডৰ নতুন চৰকাৰ হ’লে নাগালেণ্ডৰ লগতো সীমা সমস্যা দূৰ হ’ব (Hurry solution of border dispute) ।

লগতে পঢ়ক:BTC Accord Day: প্ৰমোদ বড়ো বেপাৰী: হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details