অসম

assam

ETV Bharat / state

নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

দীৰ্ঘদিনৰ পৰা নলবাৰী জিলাৰ পাইকাৰকুছি-কমাৰকুছি সংযোগী পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছে সাধাৰণ জনতাক ৷ মূল পথৰ পৰা নামডোঙালৈ যোৱা পথতো বছৰ বছৰ ধৰি পৰি ৰৈছে পূৰ্বৰ বিধায়ক গৰাকীৰ অৱহেলাত ৷ যাৰ বাবে অঞ্চলটোত বাস কৰা প্ৰায় ১০০ টা পৰিয়ালে দুৰ্ভোগ ভুগি আহিছে অত' বছৰে ৷ জৰাজীৰ্ণ পথটোৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে জৰুৰী কালীন বাহন অথবা এম্বুলেন্স ৷ আনকি বাৰিষা কালত বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ ছাত্র-ছাত্ৰীসকলেও ৷

নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ
নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

By

Published : Mar 12, 2021, 2:23 PM IST

নলবাৰী,12 মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ প্ৰান্তে প্ৰান্তে চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ নেতা-মন্ত্ৰী ব্যস্ত হৈছে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাত, কিন্তু নলবাৰীৰ এখন গাঁৱৰ ৰাইজ ব্যস্ত হৈ পৰিছে পথ নিৰ্মাণত ৷ নিৰ্বাচনৰ এই গৰম বতাহ জাকে যেন চুব পৰা নাই গাঁওবাসীক ৷ কিয়নো দীৰ্ঘদিনৰ পৰা নলবাৰী জিলাৰ পাইকাৰকুছি-কমাৰকুছি সংযোগী পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছে সাধাৰণ জনতাক ৷ মূল পথৰ পৰা নামডোঙালৈ যোৱা পথতো বছৰ বছৰ ধৰি পৰি ৰৈছে পূৰ্বৰ বিধায়ক গৰাকীৰ অৱহেলাত ৷ যাৰ বাবে অঞ্চলটোত বাস কৰা প্ৰায় ১০০ টা পৰিয়ালে দুৰ্ভোগ ভুগি আহিছে অত' বছৰে ৷ জৰাজীৰ্ণ পথটোৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে জৰুৰী কালীন বাহন অথবা এম্বুলেন্স ৷ আনকি বাৰিষা কালত বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ ছাত্র-ছাত্ৰীসকলেও ৷

নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

উল্লেখ্য যে, ২০১৬চনত পৰিৱৰ্তনৰ শ্ল'গান দি নলবাৰী সমষ্টিত বিজেপি বিধায়ক অশোক শৰ্মাইও পাঁচ বছৰ কাল কটালে ৷ কিন্তু অঞ্চলটোলৈ এবাৰো আহিবলৈ সময় নাপালে বিধায়ক গৰাকীয়ে ৷ সমষ্টিৰ চুক-কোণ নিচিনাকৈয়ে পাঁচ বছৰ বিধায়ক হৈ থাকিল ৷ এইবাৰ বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰি প্ৰচাৰত নামিছে পূৰ্বৰ কংগ্ৰেছী বিসম্বাদী বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷ বৰুৱাইও নানান প্ৰতিশ্ৰুতি দিছিল গাঁওবাসীক ৷ সেই প্ৰতাৰণাৰ কথা পিছে পাহৰা নাই অঞ্চলবাসীয়ে ৷ সেয়েহে এইবাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ অঞ্চলটোৰ ৰাইজৰ। শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ কৰ্মী সকলৰ লগত হাতে হাতে কোৰ লৈ পথ নিৰ্মাণত নামি পৰিল অঞ্চলটোৰ পুৰুষ মহিলা। তেওঁলোকৰ দাবী প্ৰথমে আমাক ৰাস্তা দিয়ক তাৰ পিছত আমি ভোট দিম ৷

লগতে পঢ়ক:শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details