নলবাৰী, 16 জুন :শাসকীয় চৰকাৰখনে প্ৰতিটো ভাষণতে ৰাজ্যৰ উন্নয়নৰ ঢাক-ঢোল বজায় থাকিলেও বাস্তৱত ইয়াৰ সোপাঢিলা ৰূপটো স্পষ্ট হৈ পৰিছে ৷ অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লগতে ৰাস্তা-ঘাটবোৰৰো উন্নত কৰা বুলি দাবী কৰি থকা চৰকাৰখনৰ দিনত এইবাৰ বাৰিষাৰ বান নহয়; দুদিনৰ নেৰানেপেৰা বৰষুণতে ছিগিল পথ ৷
নলবাৰী জিলাৰ টিহুৰ এটি পথ এইবাৰ নৈৰ বাঢ়নী পানীত নহয় বৰষুণৰ পানীতে চিগি যোৱাৰ ফলত সমস্যাত পৰিছে সংশ্লিষ্ট অঞ্চলটোৰ ৰাইজ । নলবাৰী জিলাৰ টিহুৰ নতুন উলুবাৰীত এটি পথ চিগি ৰাইজৰ মাজত ব্যাহত হৈ পৰে যাতায়ত । টিহু নদীৰ পাৰেৰে উলুবাৰী-নখৰা-নাথকুছি হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী উক্ত পথটো দীৰ্ঘদিন ধৰি প্ৰয়োজন হৈ আছিল মেৰামতিৰ ৷ মেৰামতিৰ অভাৱত মুষলধাৰ বৰষুণতে চিগি যোৱাত এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ।
কেইবাখনো গাঁৱৰ শিক্ষাৰ্থী তথা ৰাইজে উক্ত পথটোৰে নিতৌ বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে বিভিন্ন ঠাইলৈ যাতায়তৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছিল উক্ত পথটো । কিন্তু এতিয়া পথটো চিগি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত টিহু নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে উক্ত সংশ্লিষ্ট অঞ্চলৰ ৰাইজ ।