নলবাৰী, 24 জুন : বৃহস্পতিবাৰে নলবাৰী জিলাত উপস্থিত হয় ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ প্ৰাধিকৰণ বিভাগৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ এটি দল ৷ এই দলটিয়ে নলবাৰী জিলাৰ পথ পৰিবহণ বিষয়া সীমান্ত বৰাৰ লগতে কৰ্মচাৰীবৃন্দ আৰু বিভাগীয় প্ৰশিক্ষকসকলৰ সৈতে জিলাখনৰ সাম্ভাব্য দুৰ্ঘটনাগ্ৰস্ত ঠাইসমূহ পৰিদৰ্শন কৰে ৷ কেনেদৰে এই পথ দুৰ্ঘটনাসমূহ ৰোধ কৰিব পাৰে, সেই সম্পৰ্কে এক আলোচনাত মিলিত হয় দলটো ৷
উল্লেখযোগ্য যে, কিছুমান লোকৰ অ-সচেতনতা আৰু উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা নথকাৰ হেতুকে জিলাখনত সঘনে পথ দুৰ্ঘটনা হৈ থাকে । সেয়ে দুৰ্ঘটনা ৰোধৰ বাবে সাম্ভাব্য পথ দুৰ্ঘটনা সংস্থাসমূহে দুৰ্ঘটনা কেনেদৰে নিৰ্মূল কৰিব পাৰে সেই সম্পৰ্কত আলোচনা কৰে ৷ আনকি পথ দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ পথৰ ব্যৱস্থা বা পথৰ ডিজাইন সন্দৰ্ভতো আলোচনা কৰে এই দলটোৱে ৷