নলবাৰী, 21জানুৱাৰী: বুধবাৰে নলবাৰীৰ মুকালমুৱাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিবাহ যাত্ৰীৰ AS-25BG-4567 নম্বৰৰ ট্ৰেভেলাৰ আৰু AS-01EC-4515 নম্বৰৰ টেম্পোৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ হাজো দৌলাশাল পথৰ শনিৰোডত সংঘটিত হোৱা দুৰ্ঘটনাটোত টেম্পো চালক আলি আকবৰ থিতাতে নিহত হোৱাৰ লগতে টেম্পো খনৰ আৰোহী ফকিৰ চান্দ গুৰুতৰ ভাৱে আহত হয় ৷ ততাতৈয়াকৈ ফকিৰ চান্দক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত GMCH লৈ প্ৰেৰণ কৰে ৷
মুকালমুৱাত বিবাহ যাত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন - road accident at nalbari
নলবাৰীৰ মুকালমুৱাত বিবাহ যাত্রীৰ বাহন আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় টেম্পো চালক আলি আকবৰ ৷
মুকালমুৱাত বিবাহ যাত্রীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন
আনহাতে, বিবাহ যাত্ৰীৰ ট্ৰেভেলাৰ খনে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পাচত দ খাৱৈত বাগৰি পৰে ৷ ট্ৰেভেলাৰখনৰ চাৰিজন লোক আহত হয় যদিও কথমপি প্ৰাণ ৰক্ষা দৰা কইনাসহ ট্ৰেভেলাৰ খনৰ আন যাত্ৰী সকলৰ ৷ আহত চাৰিজন লোকক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷
লগতে পঢ়ক:নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড