নলবাৰী, 26 আগষ্ট: হাজো-নলবাৰী পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road Accident In Nalbari) ৷ বৃহস্পতিবাৰে নিশা পথৰ দাঁতিত থকা এটা পকী খুটাত খুন্দিয়াই ২০ ফুট তলত সৰি পৰে এখন বিলাসী বাহন ৷ নলবাৰীৰ অমায়াপুৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন ৷ দুৰ্ঘটনাটোৰ পাছত সেই স্থানত উপস্থিত একাংশ স্থানীয় লোকে বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে এজন ব্যক্তিক ৷ ইয়াৰ পাছতেই ঘটনাস্থলীৰ পলায়ন কৰে উদ্ধাৰ হোৱা লোকজন ৷