নলবাৰী, 19 ছেপ্টেম্বৰ :দেওবাৰে নলবাৰী চহৰৰ গণেশ মন্দিৰ চকত এখন তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান হয় । অসমৰ লোক কলা-সংস্কৃতিক উপস্থাপন কৰি নিৰ্মাণ হ’ব লগা তোৰণখনত নলবাৰীৰ হৰিমন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিফলিত হ’ব । দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়া ৷
শইকীয়াৰ লগতে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা উপাযুক্ত গীতিমণি ফুকন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া সকল উপস্থিত থাকে । প্ৰায় ২৭০ কোটি টকাৰে তোৰণৰ লগতে নলবাৰী চহৰৰ উন্নয়নমূলক কাম কৰা হ’ব বুলি জানিবলৈ দিয়ে সাংসদ শইকীয়াই । উক্ত আধাৰশিলা অনুষ্ঠানটোৰ ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে দীলিপ শইকীয়াই ।