অসম

assam

ETV Bharat / state

দ্যা ড্ৰিমাৰ্চ ক্লাৱৰ উদ্যোগত বৰক্ষেত্ৰীত বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ - বানাক্ৰান্ত পৰিয়াল

মহামাৰীৰ ক'ৰণাৰ আতংকৰ মাজতে বানে সংহাৰী ৰূপ ধাৰণ কৰি ৰাজ্যৰ অধিক সংখ্যক জিলা কৰি তুলিছে প্লাবিত । বানৰ কৱলত পৰি বাসস্থান, এখনি বস্ত্ৰ তথা এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে । এই সকল বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াই সামান্য হলেও সকাহ দিয়াৰ উদ্দেশ্যে আগুৱাই আহিছে বহু দল সংগঠন ।

relief-distribution-by-the-dreamers-club-at-nalbari
দ্যা ড্ৰিমাৰ্চ ক্লাৱৰ উদ্যোগত বৰক্ষেত্ৰীত বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ

By

Published : Jul 23, 2020, 11:28 PM IST

নলবাৰী,২৩জুলাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাতো বানত ক্ষতিগ্ৰস্ত হৈছে বহু অঞ্চলৰ সাধাৰণ ৰাইজ । বৰক্ষেত্ৰীৰ অন্তৰ্গত কাপলাবড়ী, ৩নং বৰতলা, চতেমাৰী আদি গাঁও এতিয়াও আবদ্ধ হৈ আছে পানীৰ মাজতে ।

বৃহস্পতিবাৰে বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আগুৱাই আহিল দ্যা ড্ৰিমাৰ্চ ক্লাৱ নামৰ এটি বেচৰকাৰী সংস্থা ।

দ্যা ড্ৰিমাৰ্চ ক্লাৱৰ উদ্যোগত বৰক্ষেত্ৰীত বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ

বৰক্ষেত্ৰীৰ অন্তৰ্গত কাপলাবড়ী, ৩নং বৰতলা, চতেমাৰী আদি গাঁওত 'দ্য ড্ৰিমাৰ্ছ ক্লাৱ'ৰ সদস্য সকলে প্ৰায় দুই শতাধিক বানাক্ৰান্ত পৰিয়ালক চাউল, দালি, মিঠাতেল, আলু, চাবোন, বিস্কুট, মেক্সো, মম, কল'গেট আদিৰ লগতে কীট নাশক দ্ৰব্য আদি বিতৰণ কৰিলে ।

দ্যা ড্ৰিমাৰ্চ ক্লাৱৰ উদ্যোগত বৰক্ষেত্ৰীত বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ

পৰৱৰ্তী সময়ত বানাক্ৰান্ত এই সকল ৰাইজক ঔষধকে আদি কৰি পশুধনৰ বাবে খাদ্য সামগ্ৰীৰো যোগান ধৰিব বুলি জনালে ক্লাৱৰ বিষয়ববীয়া সকলে ।

বিতৰণ কাৰ্যসূচীত ক্লাৱৰ সদস্য সকলৰ লগতে গাঁৱৰ গাঁওবুঢ়াকে আদি কৰি বহুকেইগৰাকী গন্য মান্য লোকো উপস্থিত থাকে । দেশৰ জটিল পৰিস্থিতিৰ মাজতে বান ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় হৈ সংস্থাটোৰ দ্বাৰা সহায়ৰ হাত আগবঢ়োৱা এই প্ৰচেষ্টাক অঞ্চলটোৰ ৰাইজে কৰিলে ভূয়সী প্ৰশংসা ।

ABOUT THE AUTHOR

...view details