নলবাৰী, 20 জুলাই: মুকলিমূৰীয়া পৰিৱেশত পুনৰ ন উদম্যেৰে ২০২৩-২৪ নাট্য বৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈ উঠিছে নলবাৰীৰ বৰদৈচিলা থিয়েটাৰ । দৰ্শকক মনোৰঞ্জন দিবলৈ পুনৰ সাজু হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ ।
নলবাৰীৰ পূৱ বনগাঁও স্থিত বৰদৈচিলা থিয়েটাৰত বুধবাৰে মাংগলিক ৰীতি-নীতিৰে মুকলি হ’ল আখৰা শিবিৰ । পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰে আৰম্ভ হয় বৰদৈচিলা থিয়েটাৰৰ ২৬ সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰাৰ শুভ আৰম্ভণি । নজৰুল ইছলামৰ প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ বুধবাৰে শুভ মহুৰত কৰা হয় । পূৱ বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মহুৰত কৰে সাংস্কৃতিক কৰ্মী থানেশ্বৰ ৰয়ে লগতে নাৰিকল ভাঙে বিশিষ্ট নাট্যকাৰ শ্যামসূন্দৰ জালানেও ।
উল্লেখ্য যে গ্লেমাৰ শিল্পীৰ পৰিৱৰ্তে মঞ্চ জগতৰেই ন-পুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ । বলিষ্ঠ অভিনেতা চিন্ময় কটকী, মৃদুল বৰুৱা, সুদৰ্শন অভিনেতা দিপাংকৰ প্ৰতীম, গুণীন শৰ্মা, পংকুল বৰা মোহময়ী অভিনেত্রী কাজল শৰ্মা, পপীপৰ্ণা, কল্পনা দাসকে ধৰি মঞ্চ জগতৰ ন-পুৰণি কেইবাজনো অভিনেতা-অভিনেত্ৰী সাজু হৈছে বৰদৈচিলাৰ মঞ্চ কঁপাবলৈ ।