অসম

assam

Rass Festival : নিমাওমাও নলবাৰী হৰি মন্দিৰৰ বাকৰি

By

Published : Nov 18, 2021, 2:29 PM IST

কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি বাতিল কৰা নলবাৰীৰ ৰাস মহোৎসৱ ৷ যাৰ বাবে সামাজিক মাধ্যমত কঠোৰ সমালোচনা হোৱা দেখা গৈছে ৷ কিন্তু কি কাৰণে উদযাপন কমিটিয়ে ৰাস মহোৎসৱ বাতিল কৰিলে, সেয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে হৰি মন্দিৰৰ সাধাৰণ সম্পাদক নগেন ডেকাই ৷

Rash Festival Cancel
নিমাওমাও নলবাৰী হৰি মন্দিৰৰ বাকৰি

নলবাৰী, 18 নৱেম্বৰ : আজি ৰাস পূৰ্ণিমা ৷ ৰাজ্যজুৰি বৃহস্পতিবাৰৰে পৰা অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ ৷ প্ৰায় দুবছৰীয়া বিৰতিৰ মূৰত অনুষ্ঠিত হ’বলগা ৰাস মহোৎসৱক লৈ উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৷ উজনিৰ পৰা নামনিলৈ ৰাসৰ লগত সংগতি ৰাখি সকলো কাৰ্যসূচী ক’ভিড প্ৰট’কল মানি চলি অনুষ্ঠিত কৰা হ’ব ৷

ইয়াৰ বিপৰীতে এইবেলি সৰ্বজনবিদিত নলবাৰী ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ৰাস উদযাপন কমিটিয়ে গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

বৃন্দাবন

এইবেলি 88 বৰ্ষত ভৰি দিয়া নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰাৰ পিছতে জিলাবাসীৰ মাজত উদগীৰণ হৈছে ক্ষোভৰ ৷ যাৰ বাবে বহুসংখ্যকে সামাজিক মাধ্যমত ৰাস উদযাপন কমিটিৰ বিপক্ষে ক্ষোভ উজাৰি পোষ্ট দিয়া পৰিলক্ষিত হৈছে ৷ বহুসংখ্যকে আকৌ ৰাস বাতিলৰ কাৰণ বিচাৰি উদযাপন কমিটিক প্ৰশ্নও কৰে ৷

মৃণ্ময় মূৰ্তিৰ প্ৰদৰ্শনৰ বাবে বিখ্যাত নলবাৰীৰ ৰাসত এইবাৰ পূৰ্বৰ দৰে নাথাকিব মূৰ্তিৰ কোনো ষ্টল ৷ লগতে দেখা নাযাব কোনো ধৰণৰ বাণিজ্যিক মেলা, ভ্ৰাম্যমান থিয়েটাৰ, যাদু প্ৰদৰ্শন আদিৰ লগতে অন্যান্য কোনো সাংস্কৃতিক অনুষ্ঠান ৷ ৰাসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সকলো প্ৰকাৰৰে মেলামুখী অনুষ্ঠান বাতিল কৰিছে ৰাস উদযাপন কমিটিয়ে ৷

নলবাৰীৰ ৰাস বাতিল হোৱাৰ কাৰণ দৰ্শালে উদযাপন কমিটিয়ে

ইয়াৰ বিপৰীতে মাথো মূল পূজা মণ্ডপত ৰাধা-কৃষ্ণৰ মূৰ্তিত কৰা হ’ব পূজা, যি এদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷ লগতে ৰাসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, স্থানীয় লোকৰ দ্বাৰা সংকীৰ্তন, স্থানীয় মহিলাৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব ৷ নলবাৰীবাসীৰ বাবে এক আবেগ, এই ৰাস মহোৎসৱ বাতিল হোৱা কাৰ্যই স্বাভাৱিকতে দুখ দিছে জিলাবাসীক ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাস মহোৎসৱৰ বাবে জাৰি কৰিছে কেতবোৰ নতুন ক’ভিড নিৰ্দেশনা ৷

বিগত বৰ্ষতো নলবাৰীত ক’ভিড নীতি-নিৰ্দেশনা মানি তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল ৰাস ৷ কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে কমিটিয়ে মাস্ক, চেনিটাইজাৰকে ধৰি সকলো প্ৰকাৰৰ ব্যৱস্থা উপলব্ধ কৰিছিল ৰাসথলীত ৷ কিন্তু ৰাস চাবলৈ অহা দৰ্শকে এইসমূহ ব্যৱহাৰৰ বিৰোধিতা কৰিছিল ৷

তদুপৰি চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ৰাসস্থলীত উপস্থিত থাকিব নোৱাৰিব 10 বছৰৰ শিশুৰ লগতে 65 বছৰৰ ওপৰৰ লোকসকল ৷ যাৰ বাবে এইবেলি অধিক কৰ’ণা সংক্ৰমণৰ আশংকাৰে উদযাপন কমিটিয়ে বাতিল কৰে ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচী ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ কমিটিৰ সাধাৰণ সম্পাদকৰ পদত ন্যস্ত থকা নগেন ডেকাই ৷

উজনিৰ পৰা নামনিলৈ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱৰ পৰিপ্ৰেক্ষিতত নলবাৰীৰ ৰাস বাতিল হোৱা কাৰ্যই স্বাভাৱিকতে সমালোচনাৰ সন্মুখীন হৈছে ৷

লগতে চাওক:Happy Birthday Zubeen Garg : অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা

ABOUT THE AUTHOR

...view details