নলবাৰী, ৭ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হ’ল এক জঘন্য ঘটনা ৷ এইবাৰ নলবাৰী বৰভাগৰ এগৰাকী কিশোৰীক ধৰ্ষণ অভিযোগ উত্থাপন হৈছে (Sexually harrased in Nalbari)। এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ লগতে তেওঁৰ আত্মীয়ই ৷
ভুক্তভোগী যুৱতীগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, চলিত মাহৰ ২ তাৰিখে ঘৰৰ সমীপতে থকা এখন কাপোৰৰ দোকানলৈ গৈছিল কিশোৰীগৰাকী ৷ তেনে সময়তে হাজোৰ শনিয়াদীৰ যুৱক ছফিউল হক সেই স্থানত উপস্থিত হয় । তাৰ পাচত ছাইফুলে কিশোৰীগৰাকীক ফুৰাবলৈ লৈ যাম বুলি বলপূৰ্বকভাৱে এখন চাৰিচকীয়া বাহন উঠাই লৈ যায় ৷
তাৰ পাচত গুৱাহাটী মহানগৰীৰ এটা অজ্ঞাত স্থানত চাৰিদিন ৰাখি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ছাইফুলে (Friend accused of sexual assault)৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ অৱশ্যে অভিযুক্ত ছাইফুল কিশোৰীগৰাকীৰ সৈতে পূৰ্বৰে পৰা চিনাকী আছিল বুলি জানিব পৰা গৈছে ৷