নলবাৰী, 18 নবেম্বৰ :নলবাৰীত বিজেপিৰ সাংগঠনিক সভা ৷ সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস ৷ সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত খলকনি সৃষ্টি কৰি আছে বিজেপি-বিপিএফৰ মাজত চলি থকা তিক্ততা পূৰ্ণ সম্পৰ্কই ৷ ইতিমধ্যে বিপিএফ এৰি বিজেপিলৈ অহাৰ পথ প্ৰশস্ত হৈছে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ ৷
এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সভাপতি ৰণজিৎ দাসে কয় যে, কেৱল ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰীয়ে নহয় বিপিএফৰ আৰু বহু বিধায়ক-নেতাই বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিছে ৷ ইফালে বিপিএফৰে মিত্ৰতা সন্দৰ্ভত সভাপতি গৰাকীয়ে মত প্ৰকাশ কৰে যে, প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বিপিএফে । পঞ্চায়ত নিৰ্বাচনত আমাৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ অৱৰ্তীণ হৈছিল নিৰ্বাচনত ।