নলবাৰী,10 এপ্ৰিল:অসমীয়াৰ হিয়াৰ আমঠু, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । কি উজনি, কি নামনি ঢোল-পেঁপাৰ মাতত ৰজন-জনাইছে এতিয়া ৰাজ্যৰ চৌদিশ । পিছ পৰি থকা নাই নলবাৰী জিলাও ৷ জিলাখনৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন নতুন প্ৰহৰে ৰঙালী বিহু উপলক্ষে আয়োজন কৰিছে এখনি বিহু নাচ আৰু বাদ্যৰ কৰ্মশালা ৷
নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি - Nalbari
নলবাৰীৰ বালিতাৰা হাইস্কুলৰ খেলপথাৰত স্বেচ্ছাসেৱী সংগঠন নতুন প্ৰহৰে ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে বিহুৰ কৰ্মশালা ।
![নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি Rangali Bihu workshop at Nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11349073-thumbnail-3x2-k.jpg)
নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি
বালিতাৰা হাইস্কুল খেলপথাৰত স্বেচ্ছাসেৱী সংগঠনটোৱে ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে এই কৰ্মশালাখন । কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জ্যেষ্ঠ বিহুৱা ৰামচৰণ কলিতা আৰু সংগীবৃন্দ । উক্ত কৰ্মশালাত প্ৰায় ১০০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি