অসম

assam

Rangali Bihu celebration: নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত ৰঙালী বিহু উদযাপন

By

Published : Apr 15, 2023, 8:39 PM IST

ৰাজ্যজুৰি ৰঙালীৰ উচাহৰ ঢল । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাৰ উদ্যোগত নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিতো আয়োজন কৰা হয় ৰঙালী বিহুৰ বৰ্ণাঢ্য় কাৰ্যসূচী । বিভিন্ন কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰে শ্বহীদ ভৱনৰ বাকৰি (Rangali Bihu celebrates at Shaheed Bhawan in Nalbari) ।

Rangali Bihu celebrates at Shaheed Bhawan in Nalbari
ৰাজ্যজুৰি ৰঙালীৰ উচাহৰ ঢল

ৰাজ্যজুৰি ৰঙালীৰ উচাহৰ ঢল

নলবাৰী, ১৫ এপ্ৰিল : ‘‘বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি আঁচলৰ ধন । এনেনো বিহুটি এৰিব লাগিলে, একোতে নবহে মন ।’’ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ সকলোতে মাথোঁ আনন্দৰ ঢল (Rongali bihu 2023) । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সৰ্বত্ৰে । ব্যতিক্ৰম নহয় নলবাৰীও (Rangali Bihu of Assam) । নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিতো আয়োজন কৰা হয় ৰঙালী বিহুৰ বৰ্ণাঢ্য় কাৰ্যসূচী । নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাৰ উদ্যোগত "নাচিব লাগিব ব’হাগ বিহু বুলি" শীৰ্ষক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহুৰ (Rangali Bihu celebrates at Shaheed Bhawan in Nalbari) ।

সেই উপলক্ষে শনিবাৰে পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় (Bihu celebration across Assam) । ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী, অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰে নলবাৰী নগৰ উন্নতি সভাৰ সভাপতি ড° দীনমনি ভাগৱতীয়ে আৰু বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিক্ষাবিদ ড° বীৰেন্দ্ৰ কুমাৰ ডেকাই । ইয়াৰ পিচতে শ্বহীদ তৰ্পন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকি মুকলি বিহু উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি নৱজ্যোতি ৰায়ে ৷ ইয়াৰ পিচতে বিহুৱান আৰু আশীষ অনুষ্ঠান মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই ৷ অনুষ্ঠানত উপস্থিত থাকি অসমীয়া ধাৰাবাহিক জীৱন নদীৰ ঢৌৰ জনপ্ৰিয় অভিনেতা আচিন্ত ৰাজ কাশ্যপ, থেজপিয়ান সাংস্কৃতিক গোষ্ঠী তেজপুৰ, আন্তঃৰাষ্ট্ৰীয় শিল্পী জীনা ৰাজ কুমাৰী আৰু সংগীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

এই অনুষ্ঠানত কেইবাটাও বিহু হুঁচৰি দল উপস্থিত থাকি বিহু প্ৰদৰ্শন কৰে ৷ উপস্থিত শিল্পী, সাংবাদিক, শিক্ষাবিদক অসমীয়া গামোচা, হালোৱা জাপি, মানপত্ৰ আদিৰে সম্বোৰ্ধনা জনোৱা হয় । শেষত উপস্থিত সকলো অতিথি আৰু ৰাইজক অসমীয়া জলপানেৰে আপ্যায়ন কৰা হয় ।

লগতে পঢ়ক :Protest in Tinsukia: ধৰ্ষিতা কিশোৰীৰ মাতৃৰ আত্মহনন, গৰু বিহুৰ গধুলি উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details