নলবাৰী, 15 জানুৱাৰী: আলফা আৰু চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আলোচনা পন্থী আলফা নেতা ৰাজু বৰুৱাই ৷ তেওঁ কয় যে, আলফা আৰু আৰু চৰকাৰৰ মাজত শান্তি আলোচনা প্ৰায় সমাপ্ত হৈছে ৷ অসমৰ প্ৰধান সমস্যা সমূহ আৰু আলফাৰ চৰ্ত সমূহক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ইতিমধ্যেই আলোচনা সম্পূৰ্ণ হৈছে ৷ গতিকে এই প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৷
শান্তি চুক্তিত স্বাক্ষৰঃ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা - আলফা-চৰকাৰৰ আলোচনা
নলবাৰীত আলোচনা পন্থী আলফা নেতা ৰাজু বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ চৰকাৰে বিচাৰিলে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু ৷ আলোচনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বুলি মন্তব্য নেতা গৰাকীৰ ৷
![শান্তি চুক্তিত স্বাক্ষৰঃ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা RAJU BARUAH ON PEACE TALK](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10249112-88-10249112-1610694976512.jpg)
শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা
শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা
আলোচনাপন্থী আলফা নেতা গৰাকীয়ে লগতে কয় যে,কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ মাতিলে তেওঁলোক যাবলৈ সাজু হৈ আছে ৷ নলবাৰীৰ জাহাৰ শ্ৰী শ্ৰী মহাপ্ৰভু বাৰগোপাল থানত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই ৰাজু বৰুৱাই ৷ উল্লেখ্য যে,আলফা-চৰকাৰৰ আলোচনা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন মহলত চৰ্চা অব্যাহত আছে ৷ তাৰ মাজতে ৰাজু বৰুৱাই কৰা এই মন্তব্যই যথেষ্ট গুৰুত্ব বহন কৰিছে ৷
Last Updated : Jan 15, 2021, 4:42 PM IST