নলবাৰী, ২৫ ছেপ্টেম্বৰ :নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ (Mann ki Baat) অনুষ্ঠানত দেওবাৰে অংশগ্ৰহণ কৰে গুৱাহাটীৰ সাংসদ কুইন ওজা । অনুষ্ঠানত অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰে (Queen Oja participate Mann ki Baat program)। নলবাৰীৰ লোহাৰকাঠাত আয়োজিত এই কাৰ্যসূচীত সাংসদগৰাকীয়ে ৰাইজৰ মাজত ৰেডিঅ' আৰু গছপুলি বিতৰণ কৰে ।
বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচীৰ । অনুষ্ঠানত অংশ লৈ লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো মন্তব্য কৰে সাংসদ কুইন ওজাই । তেওঁৰ মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ দ্বাৰা ৰাইজৰ সুবিধা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।